মৰিগাঁও : মৰিগাঁৱৰ ভোগডুবা বিলত নাও খেল প্ৰতিযোগিতা। নেলীৰ ভোগডুবাত ভোগডুবা, বসুন্ধৰী ক্ৰীড়া সন্থাৰ উদ্যোগত ভোগডুবা বিলত দুদিনীয়াকৈ অনুষ্ঠিত হয় স্বৰ্গীয় ৰামচন্দ্ৰ শ্ৰীৱাস্তৱ সোঁৱৰণী নাও খেল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ৭ টা দলে অংশগ্ৰহণ কৰা নাও খেল প্ৰতিযোগিতাখনত।

নাও খেল প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন বৃহস্পতিবাৰে অনুষ্ঠিত হয়। নাও খেলৰ চূড়ান্ত প্ৰতিযোগিতাখন অনুষ্ঠিত হয় আবুল কালাম আৰু ইউনুচ আলীৰ দলৰ মাজত। চূড়ান্ত খেলখনত ইউনুচ আলী আলিছিঙা দলে বিজয়ী দলৰ খিতাপ অৰ্জন কৰে। আৰু আবুল কালামৰ টেঙাগুৰি দল দ্বিতীয় স্থানত থাকে।

বিজয়ী ইউনুচ আলী আলিছিঙা দলে প্ৰথম পুৰস্কাৰ হিচাপে লাভ কৰে এখন এল্ট বাহন আৰু আবুল কালামৰ টেঙাগুৰি দলে দ্বিতীয় স্থান দখল কৰাৰ বাবে লাভ কৰে এখন গ্লেমাৰ বাইক। উল্লেখ্য যে প্ৰতিবছৰে নেলীৰ ভোগডুবা বিলত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

লগতে পঢ়ক :  চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে? পৰিহাৰ কৰক এই দুটা অভ্যাস

নাও খেল প্ৰতিযোগিতাখনত বিশিষ্ট সমাজকৰ্মী তথা তিৱা স্বায়ত্ব পৰিষদীয় সমষ্টিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মৃণাল পাতৰ, নেলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমিত্ৰ কোঁৱৰকে প্ৰমুখ্য কৰি কেইবাজনো গণ্য মান্য ব্যক্তি উপস্থিত থাকে। খেলখনত দৰ্শকৰ পাৰ ভঙা উচাহ দেখিবলৈ পোৱা যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply