দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ টাকীমাৰী দলে প্ৰথম স্থান দখল কৰি লাভ কৰিলে এটা পঠা ছাগলী। নাওঁ খেল প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি টাকীমাৰী দলে পুৰস্কাৰ হিচাপে লাভ কৰিলে এটা পঠা ছাগলী। অসম-মেঘালয় সীমান্তৰ হাজিৰহাটত অনুষ্ঠিত হৈছিল পৰম্পৰাগত নাওঁ খেল প্ৰতিযোগিতা।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ হাজিৰহাটত প্ৰতিবছৰে অনুষ্ঠিত হয় পৰম্পৰাগত নাওঁ খেল। প্ৰতিবছৰে স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত হয় এই পৰম্পৰাগত নাওঁ খেল প্ৰতিযোগিতা। ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে এইবাৰ স্বাধীনতা দিৱসৰ দিনা এই নাওঁ খেল প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল।
ৰাজ্যৰ ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাত এইবাৰ কিছু পলম কৰি এই পৰম্পৰাগত নাওঁ খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। যোৱা ১৯ আৰু ২০ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই নাওঁ খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয় ২০ ছেপ্টেম্বৰত। চূড়ান্ত খেলখন টাকীমাৰী দল আৰু বোৱালীয়াচৰ গাঁৱৰ মাজত অনুষ্ঠিত হয়।
লগতে পঢ়ক : এনএছচিএন (আই এম)ৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা সন্দৰ্ভত অসম ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া
চূড়ান্ত খেলখনত স্থানীয় টাকীমাৰী দল আৰু বোৱালীয়াচৰ গাঁৱৰ দলক পৰাস্ত কৰি বিজয়ী হ’বলৈ সক্ষম হয়। জিঞ্জিৰাম নদীত অনুষ্ঠিত হোৱা এই নাওঁ খেল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী টাকীমাৰী দলে পুৰস্কাৰ হিচাপে লাভ কৰে এটা পঠা ছাগলী। নাওঁ খেল প্ৰতিযোগিতা চলি থকা সময়ত জিঞ্জিৰাম নদীৰ দুয়ো পাৰে হাজাৰ হাজাৰ লোকৰ সমাগম দেখিবলৈ পোৱা যায়।