দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত প্ৰতি বছৰে স্বাধনীতা দিবস উপলক্ষে দুমাহ জুৰি অনুস্থিত কৰা হয় পৰম্পৰাগত নাওঁ খেল। গীতৰ তালে তালে বাইচাৰ সকলে নাওঁ খেলত অংশগ্ৰহণ কৰি জীয়াই ৰাখিছে পৰম্পৰা। পৰম্পৰাগত এই নাওঁ খেল চৰাঞ্চলত অতিকৈ জনপ্ৰিয়।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কেৱল চৰাঞ্চলতেই নহয়, জিলাখনৰ কেইবাটাও স্থানত প্ৰতি বছৰে আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বিভিন্ন নাওঁ খেলৰ সমিতিয়ে এই পৰম্পৰাগত নাওঁ খেল সমূহ অনুস্থিত কৰি আহিছে। কোনোবাটো অঞ্চলত যদি বিগত ২৫-৩০ বছৰ ধৰি পৰম্পৰাগত নাওঁ খেল অনুস্থিত হৈ আহিছে, কোনোবাটো অঞ্চলত আকৌ ৭৫ বছৰ ধৰি চলি আহিছে এই নাওঁ খেল।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বিশেষকৈ স্বাধীনতা দিৱস উপলক্ষে নাওঁ খেল অনুস্থিত কৰা দেখা যায়। মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী আদৰ্শ গাঁও পঞ্চায়ত কুচনীমাৰা জোৰডাঙ্গাত প্ৰতি বছৰে স্বাধীনতা দিৱস উপলক্ষে নাওঁ খেল অনুস্থিত হয়। একেদৰে পুৰাণদিয়াৰাৰ তেলিপাৰাতো এই পৰম্পৰাগত নাওঁ খেল অনুস্থিত হৈ আহিছে বছৰ বছৰ ধৰি।
দক্ষিণ শালমাৰাৰ বিভিন্ন প্ৰান্তত নদী এলেকা থকা অঞ্চল সমূহত যুগ যুগ ধৰি পৰম্পৰাগত নাওঁ খেল অনুস্থিত হৈ আহিছে।বিশেষকৈ দক্ষিণ শালমাৰা সমষ্টিৰ হাজিৰহাট গাঁও পঞ্চায়তৰ অসম মেঘালয় সীমান্তবৰ্তী টাকীমাৰী গাঁৱতো বিগত প্ৰায় ৭৫ বছৰ ধৰি অনুস্থিত হৈ আহিছে এই পৰম্পৰাগত নাওঁ খেল।
নাওঁ খেল আৰম্ভ হোৱাৰ লগে লগে একাংশই পুৱাৰে পৰা নদীৰ পৰাত ভীৰ কৰিবলৈ আৰম্ভ কৰে। নাওঁ খেল ওচৰৰ পৰা চাবলৈ ৰাইজে হেতা ওপৰা লগায়। লাহে লাহে লোকে লোকাৰণ্য হৈ পৰে নদীৰ দুই পাৰ। কোনোবাই যদি নাওঁ ভাড়া কৰি নদীৰ মাজত গৈ নাওঁ খেলৰ সন্দৰ্য্য উপভোগ কৰে, কোনোবাই আকৌ নদীৰ পানীৰ মাজত থিয় হৈ নাওঁ খেলৰ আমেজ লয়।
লগতে পঢ়ক : উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছে এখনকৈ আসন এৰিলে ৰাইজৰ দল আৰু অজাপক
নাওঁ খেলৰ আন এক বিশেষত্ব হৈছে বাইচা সকলে গীত পৰিৱেশন কৰি গীতৰ তালে তালে নাওঁ বাইচ দিয়ে। গীতে-মাতে নদীৰ পাৰত সন্ধিয়াৰ পৰা নিশালৈ এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। পৰম্পৰাগত এনে নাওঁ খেলত সাধাৰণতে পুৰস্কাৰ হিচাপে গৰু, মহ, পঠা আদিৰে সন্মানিত কৰা হয়। প্ৰায় লক্ষাধিক টকা খৰচ কৰি নাওঁ খেলৰ এই পৰম্পৰা জীয়াই ৰখাৰ বাবে এইদৰে নাওঁ খেলত অংশগ্ৰহণ কৰে নাও খেলৰ বাইচাৰ সকলে।