নিউজ ডেস্ক : নোবেল বঁটা বিজয়ী প্ৰসিদ্ধ গায়ক বব ডিলানৰ বিৰুদ্ধে উত্থাপন হৈছে যৌন নিৰ্য্যাতনৰ অভিযোগ। গায়ক গৰাকীৰ বিৰুদ্ধে নিউয়ৰ্ক আদালতত এগৰাকী মহিলা এই অভিযোগ আনিছে।
মহিলা গৰাকীয়ে দাবী কৰা মতে ডিলানে আজিৰ পৰা ৫৬ বছৰ পূৰ্বে ১৯৬৫ চনত এপ্ৰিলৰ পৰা মে’ মাহৰ ভিতৰত ছয় সপ্তাহতকৈ অধিক দিন তেওঁক যৌন নিৰ্য্যাতন চলাইছিল। সেই সময়ত তেওঁ এগৰাকী ১২ বছৰীয়া কিশোৰী আছিল বুলি মহিলা গৰাকীয়ে কয়।
নিজকে জে চি বুলি পৰিচয় দিয়া মহিলা গৰাকীয়ে কোৱা মতে ডিলানে তেওঁক সুৰা আৰু ড্ৰাগছ খোৱাই কেইবাবাৰ যৌন নিৰ্য্যাতন চলায়।
মহিলা গৰাকীয়ে দাবী কৰা মতে যোৱা মে’ মাহত ৮০ বছৰত ভৰি দিয়া ডিলানে নিউয়ৰ্কৰ প্ৰসিদ্ধ ছেলছিয়া হোটেলৰ বিলাসী এপাৰ্টমেন্টত তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল।
উল্লেখযোগ্য যে নিজৰ কাব্যিক গীতসমূহৰ বাবে ২০১৬ চনত সাহিত্যৰ নোবেল বঁটাৰে সন্মানিত হোৱা ডিলানক সৰ্বকালৰ এগৰাকী শ্ৰেষ্ঠ কণ্ঠশিল্পী তথা গীতিকাৰ হিচাপে বিবেচনা কৰা হয়।
বব ডিলানৰ মুখপাত্ৰ গৰাকীয়ে এক বিবৃতিযোগে মহিলা গৰাকীয়ে অনা ৫৬ বছৰ পুৰণি এই দাবী মিছা বুলি দাবী কৰি ইয়াৰ যথোচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি কয়।
লগতে পঢ়ক : কোনো স্বাৰ্থ নাই, মমতা বেনাৰ্জীয়ে যি দায়িত্ব দিয়ে তাকে গ্ৰহণ কৰিম : সুস্মিতা দেব