ডিব্ৰুগড় : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হ’ল বড়ো মাধ্যমৰ পাঠদান। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মঙলবাৰে বিটিচিৰ মূৰব্বী প্ৰমোদ বড়োৱে আনুষ্ঠানিকভাৱে মুকলি কৰিলে অত্যাধুনিক বড়ো মাধ্যম বিভাগৰ ভৱন। এই ভৱন নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ২০১৫ চনতেই।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান। এই অনুষ্ঠানত সভাপতিত্ব কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন চন্দ্ৰ বড়োৱে। অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ জিতেন্দ্ৰ হাজৰিকাই।

লগতে পঢ়ক : জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়ালৈ আন্তৰ্জাতিক বঁটা

অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিচি প্ৰধান প্ৰমোদ বড়ো, উপাচাৰ্য ড০ লীলাকান্ত নাথ, পঞ্জীয়ক ড০ জিতেন্দ্ৰ হাজৰিকা, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ভীমকান্ত বৰুৱা, এবছুৰ সভাপতি দীপেন বড়োকে প্ৰমুখ্যে কৰি বহু অতিথি উপস্থিত থাকে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্বতন্ত্ৰভাৱে বড়ো মাধ্যমৰ পাঠদান আৰম্ভ হোৱাৰ লগে লগে বিশ্ববিদ্যালয়ৰ বিভাগৰ সংখ্যা ১৮ টালৈ বৃদ্ধি পালে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply