সোণাৰি : ক’ভিড বিধি মানি সোণাৰিৰ বেঙেনাবাৰীত আৰম্ভ হ’ল চৰাইদেউ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ ৰূপালী জয়ন্তী অনুষ্ঠান। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ১৯৯৬ চনতে গঠন হোৱা চৰাইদেউ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশন আৰু ৰূপালী জয়ন্তী অনুষ্ঠান।

অনুষ্ঠানৰ লগত সংগতি ৰাখি অন্যান্য কাৰ্যসূচীৰ লগতে এখন মননশীল আলোচনা চক্ৰ আজি সম্পন্ন হয়। বৰ্তমান প্ৰতিযোগিতা মূলক শিক্ষা ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীৰ প্ৰত্যাহ্বান আৰু অভিভাৱকৰ ভূমিকা বিষয়ত অনুষ্ঠিত আলোচনা চক্ৰখনত জাজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মানজিৎ গগৈৰ লগতে বহু কেইগৰাকী বক্তাই তত্বগধুৰ ভাষণ প্ৰদান কৰে।

সোণাৰি মহাবিদ্যালয়ৰ অধ্যাপক ড° সুনীল দত্তই সঞ্চালনা কৰা আলোচনা চক্ৰখন উদ্বোধন কৰে অ’এনজিচি অসম সম্পদৰ ড° জয়ন্ত কুমাৰ বসুমতাৰীয়ে। ইফালে কাইলৈ অনুষ্ঠিত হব লগীয়া এই অনুষ্ঠানত বিটিচি চিফ প্ৰমোদ বড়োৰ লগতে আবছুৰ কেন্দ্ৰীয় নেতৃবৰ্গ তথা বিটিআৰৰ কেইবাগৰাকীও নেতা উপস্থিত থাকিব।

ইয়াৰ পৰিপ্ৰেক্ষিতত ক’ভিড নীতি নিয়ম অনুসৰি অনুষ্ঠানসমূহ অনুষ্ঠিত কৰা হব বুলি জানিবলৈ দিছে উদযাপন সমিতিয়ে।

লগতে পঢ়ক= ৰাজ্যত দালালৰ বিৰুদ্ধে পুনৰ অভিযান ২১০ জনক আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply