কোকৰাঝাৰ : বড়োলেণ্ডৰ পশুপালন খণ্ডত থকা সুযোগ আৰু সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে কোকৰাঝাৰত এক অভিলাষী পদক্ষেপ “বড়োলেণ্ড গাহৰি মিছন”ৰ শুভ উদ্বোধন কৰে কৃষিমন্ত্ৰী অতুল বৰাই। অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিধায়কদ্বয় লৰেঞ্চ ইছলাৰী আৰু জয়ন্ত বসুমতাৰী, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, কাৰ্যবাহী সদস্যসকল, পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধিসকল প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি।

বড়োলেণ্ড ক্ষেত্ৰীয় অঞ্চলক গাহৰি পালনৰ প্ৰাণকেন্দ্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্যৰে এই অভিলাষী পদক্ষেপ গ্ৰহণ কৰা হয়। ইয়াৰ দ্বাৰা সমগ্ৰ অঞ্চলটোৰ গাহৰি পালকসকল উপকৃত হ’ব বুলি কৃষিমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে পৰম্পৰাগত গাহৰি পালনৰ সলনি আধুনিক ব্যৱস্থাৰে গাহৰি পালনত আমি গুৰুত্ব আৰোপ কৰিছোঁ বুলিও কয় কৃষিমন্ত্ৰী অতুল বৰাই। “বড়োলেণ্ড গাহৰি মিছন”ৰ অধীনত প্ৰতিদিনে ১ লাখ কেজি গাহৰি উৎপাদনৰ লক্ষ্য স্থিৰ কৰা হৈছে। ইয়াৰ ফলত বড়োলেণ্ডৰ অৰ্থনীতিয়ে যথেষ্ট গতিশীলতা লাভ কৰিব বুলিও কয় কৃষিমন্ত্ৰীয়ে।

উক্ত মিছনৰ অধীনত গাহৰিৰ অত্যাধুনিক প্ৰজনন ব্যৱস্থা, যথোচিত মূল্যত গুণগত খাদ্য যোগান, পশু চিকিৎসা, গাহৰি পালকসকলৰ দক্ষতা বৃদ্ধি আৰু পঞ্জীয়ন, পশুধন চিহ্নিতকৰণ আৰু বীমাকৰণ, মূল্য শৃংখল বিকাশ, বজাৰ সংযোগীকৰণ আদি বিভিন্ন ব্যৱস্থা বিটিআৰত উপলব্ধ হ’ব। গাহৰি পালন আৰু গাহৰি প্ৰজনন আদি কাৰ্যত পোনপটীয়াকৈ ৩০,০০০ তকৈও অধিক পৰিয়ালক সংযোজিত কৰি এই গুৰুত্বপূৰ্ণ অভিযানে নিশ্চয়কৈ গাহৰি পালনৰ ক্ষেত্ৰত অসমক আত্মনিৰ্ভৰ কৰাৰ আমাৰ সপোনক ত্বৰান্বিত কৰিব বুলি কয় কৃষিমন্ত্ৰী অতুল বৰাই।

লগতে পঢ়ক : গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ বিজয় ৰূপানীৰ

উত্তৰ-পূৰ্বাঞ্চলৰ লগতে কাষৰীয়া ৰাষ্ট্ৰসমূহৰো বজাৰসমূহত আমাৰ স্থিতি শক্তিশালী কৰাত এই পদক্ষেপে অগ্ৰণী ভূমিকা পালন কৰিব বুলি আমি আশাবাদী বুলি জানিবলৈ দি কৃষিমন্ত্ৰী গৰাকীয়ে এখন আত্মনিৰ্ভৰ অসম গঢ়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত আমি কৃষি আৰু পশুপালন খণ্ডত যথেষ্ট অগ্ৰাধিকাৰ দিছোঁ বুলিও উল্লেখ কৰে কৃষিমন্ত্ৰী গৰাকীয়ে। অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ প্ৰধান সচিব নৰেন চন্দ্ৰ বসুমতাৰী, উপায়ুক্ত বৰ্ণালী ডেকা, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক ইন্দিৰা কলিতা, উদ্যান শস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, চৰকাৰী বিভাগসমূহ তথা বিটিচিৰ উচ্চপদস্থ বিষয়াসকল, উদ্যমীসকল, খেতিয়কসকল আৰু স্থানীয় ৰাইজ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply