শুকুৰবাৰে পুৱা গুৱাহাটীৰ ভেটাপাৰা অঞ্চলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। আৰক্ষীয়ে চিনাক্ত কৰামতে উদ্ধাৰ হোৱা মৃতদেহটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তাৰ ।
জানিবপৰা মতে অধিবক্তা গৰাকীৰ নাম কন্দৰ্প ওঝা।
মৃতদেহটো তেওঁৰ নিজ বাসগৃহৰ ভিতৰতে উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। আনহাতে কন্দৰ্পৰ পিতৃয়ে দাবী কৰিছে যে তেওঁৰ পুত্ৰই তেওঁৰ কোঠাৰ ভিতৰত ডিঙি কাটি আত্মহত্যা কৰিছে। লগতে মৃত লোকজন মদ্যপায়ী বুলিও অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে।
ঘটনাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বৰ্তমান GMCHৰ মৰ্গত ৰখা হৈছে কন্দৰ্পৰ মৃতদেহটো।
তেওঁৰ মৃত্যুৰ আঁৰৰ সঠিক কাৰণ জানিবলৈ আৰক্ষীয়ে বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰিছে ।
অৱশ্যে তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব কেনেকৈ মৃত্যু হ’ল কন্দৰ্পৰ।