মৰাণ: ডিব্ৰুগড় জিলা খোৱাঙৰ এজন যুৱকৰ মৃতদেহ ৰহস্যজনক ভাৱে চৰাইদেউ জিলাৰ চফ্ৰাই আৰক্ষী চকীৰ অন্তৰ্গত চিংল’ পাহাৰত উদ্ধাৰ হোৱাক লৈ আজি প্ৰতিবাদমুখৰ হৈ পৰে খোৱাং হালধিবাৰীৰ একাংশ ৰাইজ ।
খোৱাং কটকীপুখুৰীৰ যুৱক তথা প্ৰমোদ বৰঠাকুৰ আৰু জয়ন্তী বৰঠাকুৰৰ পুত্ৰ শিৱম বৰঠাকুৰ(১৯) যোৱা দেওবাৰে মৰাণলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল । ইয়াৰ পিছতে সন্ধানহীন হয় যুৱকজন । পৰিয়ালৰ লোকে থানাত যুৱকজনৰ সন্ধান বিচাৰি আবেদনো কৰিছিল ।
পৰিয়ালৰ সূত্ৰে জানিবলৈ দিয়া মতে, শিৱমে মোবাইল আনোগৈ বুলি ঘৰৰ পৰা গৈছিল । তেওঁলোকে অভিযোগ কৰা অনুসৰি যুৱকজনক পৰিকল্পিত ভাৱে হত্যা কৰা হৈছে । শিৱমৰ বাইকখন যিহেতু এতিয়াও উদ্ধাৰ হোৱা নাই ।
কোনো গাড়ী চুৰি চক্ৰই এই হত্যাকাণ্ড সংঘটিত কৰিলে বুলি পৰিয়ালৰ লোকে সন্দেহ কৰিছে । ইফালে এই ঘটনাৰ পিছতে আজি হালধীবাৰী অঞ্চলৰ অৰ্ধশতাধিক পুৰুষ-মহিলাই হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবী জনাই খোৱাং আৰু মৰাণহাট থানাত বহু সময় ধৰি অৱস্থান কৰি থাকে ।