লখিমপুৰঃ অসম আন্দোলনৰ অগ্ৰণী নেতা লখিমপুৰৰ বগামল দত্তৰ বিয়োগ। এক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন অৱস্থাতে আজি গুৱাহাটীৰ দিছপুৰ পলিক্লিনিকত তেওৰ মৃত্যু হয়।
৬১ বছৰ বয়সত মৃত্যু হয় অগ্ৰণী আন্দোলন ৰ নেতা, সমাজ কৰ্মীজনৰ। লখিমপুৰৰ নগৰৰ ৯ নম্বৰ ৱাৰ্ড ৰ বাসিন্দা আছিল তেওঁ।
লগতে পঢ়কঃৰাজ্যৰ নিগম নিকায় সমূহৰ অধ্যক্ষৰ তালিকা চূড়ান্ত
অসম আন্দোলনত বহুবাৰ তেও কাৰাৰুদ্ধ হৈছিল। জৰিত আছিল বহু সামাজিক অনুষ্ঠানৰ সৈতেও।
১৯৯১ত তেও ১১১ নং লখিমপুৰ বিধান সভা সমষ্টিৰ পৰা নিৰ্দলীয় ৰূপে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও পৰাজয় বৰণ কৰিছিল। তেওঁৰ বিয়োগত ছাত্র সন্থাকে ধৰি লখিমপুৰৰ বিভিন্ন দল সংগঠন তথা ৰাইজে শোক প্রকাশ কৰিছে।