কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত বনগাঁও চলা হাইস্কুলত আজি অসম বিজ্ঞান সমিতিৰ উদ্যোগত অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সহযোগত বিজ্ঞান সজাগতা সভা অনুষ্ঠিত হয়। বনগাঁও চলা হাইস্কুলৰ প্ৰধান শিক্ষক দিলীপ ফুকনৰ সভাপতিত্ব অনুষ্ঠিত বিজ্ঞান সজাগতা সভাত “জৈৱ বৈচিত্ৰ সংৰক্ষণ” শীৰ্ষক বিষয়ক লৈ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সভা অনুষ্ঠিত হয়।

অসম বিজ্ঞান সমিতিৰ সম্পাদক ড° মনোজ কুমাৰ শৰ্মাই উদ্দেশ্য বাখ্যা আগবঢ়োৱা সভাখনিত উদ্ধোধন কৰে ড° চৌধুৰী নাথ শইকীয়াই। সভাত অৱসৰপ্ৰাপ্ত প্ৰবক্তা ড° মিনুৱাৰ বেগম  নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি উপস্থিত ছাত্ৰ-ছাত্ৰীৰ সকলৰ উদ্দেশ্য জৈৱ বৈচিত্ৰ সংৰক্ষণ বিষয়ে বিস্তৃতিত ভাৱে ভাষণ প্ৰদান কৰে।

এই সভাতেই বিশিষ্ট শিক্ষাবিদ, প্ৰকৃতিপ্ৰেমী ড° চৌধুৰী নাথ শইকীয়া বিদ্যালয়খনৰ গ্ৰন্থাগাৰলৈ কেইবাখনো মূল্যবান গ্ৰন্থ আগবঢ়ায়। সভাত অসম বিজ্ঞান সমিতি দেৰগাওঁ শাখাৰ তৰফৰ পৰা বিদ্যালয়খনৰ সহকাৰী শিক্ষয়ত্ৰী, লেখক, প্ৰকৃতিপ্ৰেমী গিৰিমল্লিকা শইকীয়াক বিশেষভাৱে সম্বৰ্ধনা জনায়। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply