প্ৰবীণ বৰুৱা,মঙলদৈঃ ‘সাতশাকী খোৱা’ বহাগৰ সাতবিহুৰ লগত জড়িত এক পৰম্পৰা। অসমৰ গ্ৰাম্য অঞ্চলত সাত বহাগৰ ভিতৰত সাতশাকী খোৱাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। ঠাই বিশেষে সাতবিহুৰ দিনা আৰু কোনো কোনো ঠাইত ৰঙালী বিহুৰ সাতটা দিনৰ যিকোনো এটা দিনত খোৱাৰ পৰম্পৰা প্ৰচলিত।
অসমৰ ঠাইভেদে ব’হাগৰ সাতবিহুৰ দিনা শতাধিক শাক খোৱা আৰু তেনেকৈ কোনো কোনো ঠাইত আকৌ এশ এবিধ বা এশ আঠ বিধ শাক খোৱাৰ প্ৰথা চলি আহিছে। ঢেঁকীয়া,মাটিকাদুৰী,ভাত মেটেকা, বৰপূৰৈ, মৰান আদা,কণা শিমলু, চাঙেৰি টেঙা,মধুসোলেং ,হেলচি শাক, মৰিচা কলমৌ,মেচাকি, নলচুপহি,কচলু, বাবৰি লফা ,পালেং,লাই , মেমেধু, ঢলা পালেং , খুতুৰা ,দূবৰি, বৰ মানিমুনি, সৰুমানিমুনি,তেঁতেলী, ভেদাই লতা, থেৰেজু, বৰহমথুৰি,কেহৰাজ ,বৰথেকেৰা, মহানিম, নহৰু, বনজালুক,বেতগাজ, হাতীভেকুৰি, কঠনা, ওলকচু,তিতাফুল, লাইজাবৰি, পুৰৈ, মচন্দৰি,দোৰোণ ,ভেদাইলতা, তিতামৰা,টেঙেচি আদি বাৰি আৰু বাকৰিত বিচাৰি গাঁৱৰ জীয়াৰী-বোৱাৰীয়ে এই সাতশাকী যোগাৰ কৰি বছৰটোৰ বাবে পৰিয়ালৰ ৰোগ নিৰাময়ৰ বাবে খায়।

এইটো অনুমেয় যে শাক খোৱাৰ অভ্যাস গঢ়াৰ বাবেই অতীজত এই প্ৰথাৰ প্ৰৱৰ্তন কৰা হৈছিল। তাকো সকলোৱে গুৰুত্ব দিব বুলি আশা কৰিয়েই হয়তো অসমীয়া বছৰৰ প্ৰথমটো মাহতে পালনৰ দিহা কৰা হৈছিল। ইফালে, বছৰৰ এইখিনি সময়ত ঘৰৰ বাৰী বা দাঁতি-কাষৰীয়া পৰিৱৱেশত থকা গছ-লতিকাত নতুন পাতৰ সমাহাৰ ঘটি আহৰণৰ সুযোগ মিলাত তাৰে এশ শতাধিক গোটাই খোৱাটো সহজসাধ্য হোৱাটোও এই সময়ত খোৱাৰ আন এক সুবিধা হ’ব পাৰে। ধাৰণা হয়, প্ৰথাটো প্ৰকৃততে প্ৰতীকী অৰ্থতহে পালন কৰা হয়।
শাতশাকীত যে অকল শাক হে থাকে তেনে নহয়,শাতশাকীত আমৰ মল,কঠালৰ মুচি, বেঙেনা, কেৰেলা,জাতি লাও আদিও থাকে।গৰুৰ বিহুৰ দিনা লাউ বেঙেনা আমৰ মল কঠালৰ মুচি আদিৰে গৰু গাইক গা ধুওৱা হয়। বিহুৰ মাজৰ দিনকেইটাত এই পাছলি কেই বিধ নোখোৱা কৈ থকাৰ নিয়ম,শাতশাকীত এই পাচলিৰ অশৈচ যোৱা বুলি এক প্ৰবাদ আছে।সেয়ে শাতশাকীত এই পাচলি খোৱাৰ পৰম্পৰা।
শাতশাকী খোৱাৰ যে অকল পৰম্পৰা বা প্ৰথা তেনে নহয়, সাতশাকী দেহৰ বাবেও উপকাৰী মহৌষধ, কিয়নো এই শাক পাচলিত বহু বেমাৰৰ প্ৰতিৰোধী গুণো আছে।