ধুবুৰী: ৰাজ্যত অব্যাহত আছে ব্ৰইলাৰ ছিণ্ডিকেট। নিষেধাজ্ঞাৰ পিছতো ব্ৰইলাৰ ছিণ্ডিকেট চক্ৰই পশ্চিম বংগৰ পৰা অসমলৈ যোগান ধৰিছে ট্ৰাকে ট্ৰাকে ব্ৰইলাৰ মুৰ্গী। পৰ্বতঝোৰাৰ বগৰীবাৰীত ৭ খন ব্ৰইলাৰ ভৰ্তি বলেৰ জব্দ কৰিলে আৰক্ষীয়ে।
ৰাজ্যত নিষেধাজ্ঞ থকা সত্বেও ধুবুৰীত নিতৌ বহিঃৰাজ্যৰ পৰা প্ৰৱেশ কৰিছে ব্ৰইলাৰ মুৰ্গী ভৰ্তি ট্ৰাক। ধুবুৰী হৈ ৰাজ্যৰ বিভিন্ন জিলালৈ সৰবৰাহ কৰা হয় ব্ৰইলাৰ মুৰ্গী। প্ৰতিদিনে অসম-বংগ সীমান্তৰ ছাগলীয়া গেট আৰু বিভিন্ন বক্ৰ পথেদি প্ৰৱেশ কৰে ব্ৰইলাৰ মুৰ্গীৰ গাড়ী। ব্ৰইলাৰ মুৰ্গীক লৈ অসম-বংগ সীমান্তত গঢ়ি উঠিছে এক বৃহৎ ছিণ্ডিকেট।
আৰু পঢ়কঃ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মাতৃৰ দেহাৱসান
পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ তৎপৰতাত বগৰীবাৰীত জব্দ কৰা হয় সাতখনকৈ ব্ৰইলাৰ ভৰ্তি বলেৰ পিকআপ ভেন। প্ৰতিখন ব্ৰইলাৰ গাড়ী অসমত প্ৰৱেশ কৰাৰ নামত এক মোটা অংকৰ ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে জিলা পশু চিকিৎসা বিষয়াৰ বিৰূদ্ধে। অসম-বংগ সীমান্তত সক্ৰিয় ছেণ্ডিকেট চক্ৰই প্ৰতিখন গাড়ীৰ পৰা ৩০-৪০ হাজাৰ টকা লৈ একাংশ আৰক্ষী আৰু পশু চিকিৎসা বিষয়াক মেনেজ কৰি ব্ৰইলাৰ ভৰ্তি ট্ৰাক সমূহ অসমত প্ৰৱেশ কৰায় বুলিও অভিযোগ উঠিছে।
আৰু পঢ়কঃ মানকাচৰত প্ৰাদেশীকৃত বিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি বিতৰণ
ৰাজ্যত নিষেধাজ্ঞা থকা সত্বেও এনেদৰে বহিঃৰাজ্যৰ পৰা ব্ৰইলাৰ ভৰ্তি গাড়ী ধুবুৰী জিলাৰ কেইবাখনো আৰক্ষী থানা পাৰ হৈ যোৱাৰ পিছত কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষী থানাত জব্দ হোৱাত ধুবুৰী আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে।