বৈঠালাংছুঃ ড্ৰাগছৰ বিৰুদ্ধে বৈঠালাংছ’ আৰক্ষীৰ অভিযান।
বৈঠালাংছ’ৰ ডংকামোকামৰ পৰা নিচাযুক্ত ড্ৰাগছসহ পুনৰ চাৰিজন যুৱক আটক।
আটকাধীন যুৱক কেইজন জনাছিং বে, ৰাজেশ তেৰণ, জয়ছিং তিমুং আৰু আলফায়াছ চিন্ঠং।
ধৃত যুৱক কেইজনৰ পৰা ১৮.৬২ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন, ২৮ টা নিচাযুক্ত টেবলেট, ৩০টা খালী কন্টেইনাৰ, ৫টা বেজীৰ চিৰিঞ্জ,দুটা ম’বাইল হেণ্ডচেট আদিকে ধৰি বিভিন্ন আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়।
লগতে পঢ়কঃমহানগৰত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
উল্লেখ্য যে, সোমবাৰে বৈঠালাংছ’ আৰক্ষীয়ে ডংকামোকাম পৰা কৰায়ত্ত কৰা অংকুৰ বৰা নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৰ স্বীকাৰোক্তিৰ ভিক্তিত এই চাৰিজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।