বৈঠালাংছ’ঃ নাৰীৰ সুৰক্ষা আৰু অধিকাৰৰ উদ্দেশ্যে বিশ্বজুৰি পালন কৰা হৈছে আন্তৰ্জাতিক নাৰী দিৱস ৷

অসম ৰাজ্যিক জীৱিকা অভিযান ৰংখাং উন্নয়ন খণ্ডৰ অন্তৰ্গত কাৰ্বি লাংপি CLF উদ্যোগত আত্মসহায়ক গোটৰ মহিলা সকলে বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছে নাৰী দিৱস ৷

নাৰী দিৱস উপলক্ষে  মহিলা সৱলীকৰণৰ লক্ষ্যৰে ৰংখাং উন্নয়ন খণ্ডৰ তৰফৰ পৰা মহিলা আত্মসহায়ক গোটৰ সদস্যা সকলৰ কাৰণে এখন জৈৱিক পাচলি দোকান উদ্বোধন কৰাৰ লগতে এখন  অট’ৰিক্সা প্ৰদান কৰে ৷

আনহাতে বৈঠালাংছ’ চেৰদিহুন ক্ষেত্ৰত আয়োজিত আন্তৰ্জাতিক নাৰী দিৱসত তিনি শতাধিক নাৰীয়ে অংশগ্ৰহণ কৰে।

তিনি শতাধিক মহিলায়ে এক শুভাযাত্ৰা উলিয়াই। তাৰ পাছতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়।

অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী নলিনী তামুলীয়ে আঁত ধৰা আলোচনা চক্ৰখনিত মুখ্য বক্তা হিচাপে উপস্থিত থাকে ৰাংছিনা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ৰিমঝিম দত্ত শইকীয়াই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply