বৈঠালাংছ’ঃ পশ্চিম কাৰ্বিআংলং জিলাৰ জিলা উপায়ুক্ত উৎপলা শইকীয়াই জিলা সদৰ হামৰেণস্থিত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদমেল সম্বোধন কৰে। উক্ত সংবাদমেলত উপায়ুক্ত গৰাকীয়ে ২০২২ বৰ্ষৰ বাবে প্ৰস্তুত হ’বলগা ভোটাৰ তালিকাৰ বিষয়ে সদৰি কৰে।
ইতিমধ্যে জিলাখনৰ একমাত্ৰ বৈঠালাংছ’ বিধানসভা সমষ্টিৰ ২০২২ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে।
সংবাদমেলত উপায়ুক্ত গৰাকীয়ে কয় যে কোনো লোকৰ ওজৰ-আপত্তি থাকিলে অহা ৩০ নৱেম্বৰৰ ভিতৰত দাখিল কৰিব পৰিব।আৰু সেই ওজৰ আপত্তি সমূহ অহা ২০ ডিচেম্বৰত প্ৰত্যাহাৰ কৰাৰ সুযোগ থকিব।
লগতে পঢ়কঃদেৰগাঁৱৰ কাকডোঙা চাঞ্চল্য অজগৰ চাবলৈ ৰাইজৰ ভিৰ
২০২২ চনৰ ৫ জানুৱাৰীত চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হʼব বুলিও উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে। ১৮-০১-২০২১ তাৰিখৰ পৰা ১-১১-২০২১লৈ সমষ্টিটোত ২০৯৭৫৩ গৰাকীৰ পৰা ২১১২৯৬ গৰাকীলৈ ভোটাৰৰ সংখ্যা বৃদ্ধি হৈছে।
উল্লেখ্য যে, জনসাধাৰণক ভোটদানৰ ওপৰত সজাগতা অনাৰ উদ্দেশ্যে জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলাখনৰ বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীও হাতত লৈছে।
জিলাখনৰ নতুনকৈ ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰিবলৈ এঠাইৰ পৰা অন্য ঠাইলৈ বদলি কৰিব লগা বা শুদ্ধৰণি কৰিব লগা লোক সকলক ৩০ নবেম্বৰৰ ভিতৰত আবেদন কৰিবলৈ সংবাদমেলৰ জৰিয়তে পুনৰবাৰবাৰ আহ্বান জনাই উপায়ুক্ত গৰাকীয়ে।