জাচন ইংহি, বৈঠালাংছ’: চিৰসেউজ কাৰ্বিআংলং। এই কাৰ্বিআংলঙৰ গছ-গছনি তথা প্ৰাকৃতিক পৰিবেশ জীয়াই ৰখাৰ স্বাৰ্থত এইবাৰ আগবাঢ়ি আহিছে “C. Quest Capital”নামৰ এটা বেচৰকাৰী সংস্থা ।

পাৰ্বত্য এলেকাৰ ৰাইজৰ বাবে বিনামূলীয়াকৈ যোগান ধৰিছে ৰান্ধনী গৃহত প্ৰয়োজনীয় চৌকা। যি চৌকাত ৰান্ধনী সকলে অতি কম খৰিৰ জড়িয়তে ৰন্ধা কাৰ্য্য সম্পাদন কৰিবলৈ সক্ষম হ’ব।ইয়াৰ পৰা ধোৱাও যথেষ্ট কম হব।

পশ্চিম কাৰ্বি আংলঙৰ টুম্প্ৰেঙত প্ৰথমবাৰৰ বাবে এই চৌকা বিতৰন কৰা হয়।অনুস্থানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি কাৰ্বি পৰিষদৰ CEM ডঃ তুলিৰাম ৰংহাঙে এই চৌকা বিতৰনৰ শুভাৰম্ভনি কৰে।প্ৰথম পৰ্যায়ত ২০০ টা চৌকা প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে,চৰকাৰে উজালা আঁচনিৰ জড়িয়তে ৰান্ধনী সকলক বিনামূলীয়াকৈ গেছৰ চৌকা তথা চিলিন্ডাৰ প্ৰদান কৰিছে যদিও গেছৰ আকাশ লঙ্ঘা মূল্য বৃদ্ধিয়ে পাৰ্বত্য এলেকাৰ দুখীয়া ৰাইজক জুৰুলা কৰিছে।সেয়ে এই চৌকায়ে সেইসকল দুখীয়া লোকক যথেষ্ট সকাহ দিব বুলি আশা বেচৰকাৰী সংস্থাটোৰ ।

লগতে পঢ়ক-কোনে হত্যা কৰিলে লখিমী নগৰত মিলন চেত্ৰীক,তদন্ত অব্যাহত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply