বৈঠালাংছ’: সমগ্ৰ ৰাজ্যৰ লগতে পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ জিলাত কোভিড ভেকচিনত ১০০ শতাংশ সফলতা লাভ কৰিছে।
প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ১০০ শতাংশ কোভিড প্ৰতিষেধক প্ৰদান কৰা জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰতিটো ভোটকেন্দ্ৰৰ BLO, ANM আৰু আশা কৰ্মীসকলক এক উদগনিমূলক সম্বৰ্ধনা জনোৱা হয় ৷
বৈঠালাংছ’ খণ্ড স্বাস্থ্য বিভাগৰ অন্তৰ্গত সৰ্বমুঠ ৮৪ টা ভোটকেন্দ্ৰৰ ভিতৰত ৫৩ টা ভোটকেন্দ্ৰই এই সফলতা অৰ্জন কৰাৰ বাবে জিলা প্ৰশাসন আৰু স্বাস্থ্যবিভাগে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে ৷
সম্বৰ্ধনা পত্ৰ আৰু কাৰ্বি প’হৰে প্ৰতিগৰাকী ভোটকেন্দ্ৰৰ BLO, ANM আৰু আশাকৰ্মীক আদৰণি জনাই । কাৰ্বি পৰিষদৰ স্বাস্থ্যবিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপি, জিলা উপায়ুক্ত কৃষ্ণা বৰুৱা, স্বাস্থ্যবিভাগৰ যুটীয়া সঞ্চালক ডাঃ নকুল শ্যাম, অতিৰিক্ত উপায়ুক্ত দিলীপ তেৰাং আৰু বৈঠালাংছ’ উঃ মাঃ বিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ দুৱৰাই
লগতে পঢ়ক- মিঠাতেলৰ মূল্য হ্ৰাস! দেশত ৩০ৰ পৰা ৪০ টকা পৰ্যন্ত মিঠাতেলৰ মূল্য হ্ৰাস