বৈঠালাংছ’ৰ পৰা জাচন ইংহি: কাৰ্বিপাহাৰত এতিয়াও অবাধ গতিত চলিছে বন ধ্বংস অভিযান। পশ্চিম কাৰ্বিআংলঙ জিলাত অব্যাহত থকা চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলাইছে
কৰ্মৰত একাংশ বন কৰ্মীয়ে । এই ৰমৰমীয়া বেহা চলি থকাৰ পিছতো বিভাগে কোনো ব্যবস্থা নোলোৱাত এই ধ্বংস কাৰ্য দিনকদিনে বৃদ্ধি পাইছে।
অসম -মেঘালয়ৰ সীমান্তৰ হাৱংৰ উমজাকিনি বনাঞ্চলিক বিষয়াৰ চকুৰ সন্মুখতে চলিছে এই ৰমৰমীয়া বেহা।
পশ্চিম কাৰ্বি আংলঙৰ হাৱং ,ছাবুদা আদিৰ পৰা মেঘালয়ৰ বিভিন্ন অঞ্চললৈ এই চোৰাং কাঠ সমূহ দৈনিক সৰবৰাহ হৈ আছে যদিও বন বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত।
বনাঞ্চল ধ্বংস কৰি কটা কাঠখিনি হাৱংৰ উমজাকিনি ৰেঞ্জৰ এলেকাৰ পৰা মেঘালয়লৈ নিবলৈ যো-জা চলাইছে ৷ উল্লেখ্য যে হাৱংৰ উমজাকিনি ৰেঞ্জৰ চাৰিজন বন বিভাগ কৰ্মীৰ পৰোক্ষ ভাবে জড়িত থকাৰ কথা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ এই ৰেঞ্জত কৰ্মৰত হৈ থকা বন কৰ্মীসকল হ’ল ক্ৰমে টেলেশ্বৰ কাৰকাটা, অতুল কুমাৰ মজুমদাৰ, অভিজিত শৰ্মা আৰু মেঘ বাহাদুৰ থাপা।
লগতে পঢ়ক – পুনৰ মহানগৰীত নৃশংস হত্যাকাণ্ডৰ ঘটনা