বৈঠালাংছ’: যোৱা ১৯ জানুৱাৰীত হাফলঙত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত ৰাজ্যত নতুনকৈ দহ খন বানিজ্য আৰু বিজ্ঞান শাখাৰ মহাবিদ্যালয় স্থাপন কৰাৰ ঘোষণা কৰা হৈছিল।
কিন্তু প্ৰস্তাবিত এই কলেজৰ তালিকাত পাৰ্বত্য ভূমিৰ দুই জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ নাম নথকাত ক্ষোৱত ফাটি পৰিছে কাৰ্বি ছাত্ৰ সংগঠন।
শিক্ষাৰ ক্ষেত্ৰত অতি অনগ্ৰসৰ জিলা দুখনক তথা এখনো বিজ্ঞান অথবা বানিজ্য শিক্ষাৰ শিক্ষানুষ্ঠান নথকা পশ্চিম কাৰ্বি আংলং জিলাক কৰা এনে বঞ্চনাৰ প্ৰতিবাদত আজি কাৰ্বি ছাত্ৰ সংগঠনে(KSA) ডংকামোকামত এক বিশাল প্ৰতিবাদী সমদল উলিয়াই।
প্ৰতাবাদকাৰীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মহন আৰু কাৰ্বি পৰিষদৰ চি ই এম তুলিৰাম ৰংহাঙৰ প্ৰতিমূৰ্তি দাহ কৰে।
লগতে পঢ়ক- মানকাচৰৰ ঝালৰচৰ কুটিৰঘাটত বাংলাদেশী গৰু ব্যৱসায়ী গ্ৰেপ্তাৰ