বজালীঃ বজালীত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। শোৱাপাটীতে প্ৰাক্তন গাওঁ পঞ্চায়তৰ সভাপতি ৰহিম আলীক নৃশংস হত্যা।
সম্পৰ্কীয় ভাতৃয়ে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে অভিযোগৰ ভিত্তিত দুজনক আটক কৰিছে আৰক্ষীয়ে।
আটকাধীন লোক দুজন মুবাৰক আলী আৰু মকবুল হুছেইন। ৰহিম আলীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰা হৈছে।
লগতে পঢ়কঃভূমি বিবাদে ল’লে ভয়ংকৰ ৰূপঃ চোকা অস্ত্ৰৰে হত্যা মহিলাক
কি কাৰণত এই হত্যাকাণ্ড সংঘটিত হ’ল এই বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।