বজালী– বজালীৰ হৰিপুৰৰ এগৰাকী মেধাৱী ছাত্ৰীৰ অকাল বিয়োগে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

হৰিপুৰৰ বৰভালা নিৱাসী শিক্ষক তপন গোস্বামীৰ একমাত্র কন্যা কৃষাংগী গোস্বামী বিগত কিছুদিন ধৰি অসুস্থতাত ভুগি আছিল।

বুধবাৰে পুৱা চিকিৎসাধীন অৱস্থাতে গুৱাহাটীৰ এপ’ল’ হাস্পতালত বিয়োগ ঘটে ছাত্রীগৰাকীৰ ৷

কৃষাংগী গোস্বামী ভট্টদেৱ বিশ্ববিদ্যালয়ৰ স্নাতক পঞ্চম ষান্মাসিকত অধ্যয়ন আছিল।

ছাত্রীগৰাকীৰ মৃতদেহ আজি বাসগৃহ আহি পোৱাৰ পিছতে এক অবর্ণনীয় শোকাকুল পৰিৱেশে বিৰাজ কৰে৷

ছাত্রীগৰাকীৰ বিয়োগত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্রতিষ্ঠান তথা ব্যক্তিয়ে শোক প্রকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply