বজালীঃ এডাল কুচিয়া মাছে প্ৰাণ কাঢ়িলে বজালী জিলাৰ পাঠশালাৰ এজন লোকৰ। ঘটনাৰ অনুসৰি পাঠশালা জ্যোতিনগৰ নিৱাসী প্ৰয়াত গিৰীশ ৰয়ৰ পুত্ৰ পংকজ ৰয়ে বৃহস্পতিবাৰে দিনৰ ভাগত বজাৰৰ পৰা এডাল প্ৰায় ৩শ পৰা চাৰিশ গ্ৰাম ওজনৰ জীৱিত কুচিয়া মাছ খাবলৈ বুলি আনি মাছডাল মুখৰ সন্মুখত ৰাখি খেলা কৰি থকাৰ সময়তে অসাৱধানবশত পেটৰ ভিতৰলৈ সোমাই যায়৷
অত্যন্ত পিছল কুচিয়া মাছডাল মুখগহ্বৰত সোমোৱাৰ পিছত বহু চেষ্টা কৰিও উলিয়াই আনিব নোৱাৰিলে৷ ইয়াত কিছু সময়ৰ পিছত যুৱকজনৰ সাধাৰণ পেটৰ বিষ আৰম্ভ হোৱাত পৰিয়ালৰ লোকে প্ৰথমে পাঠশালা অসামৰিক চিকিৎসালয়লৈ নিয়াৰ পাছত চিকিৎসকে প্ৰাথমিক চিকিৎসা আৰম্ভ কৰে যদিও পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷
কিন্তু দুৰ্ভাগ্যৱশত চিকিৎসাধীন অৱস্থাতে নিশা প্ৰায় ৯ বজাত যুৱকজনে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়৷ উল্লেখ্য যে, পাঠশালা কলেজ ৰোডস্থিত ৰূপম হোটেলত দীৰ্ঘদিন ধৰি ৰান্ধনী হিচাপে কাম কৰা যুৱকজনৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে৷