বোকাজানঃ বোকাজানত পালন কৰা হৈছে আহোম ৰেংমা ভাতৃত্ববোধ দিৱস। আহোম আৰু ৰেংমা নগা সকলৰ সমন্বয় অটুট ৰখাৰ বাবে পালন কৰা হয় এই ভাতৃত্বোধন দিৱসটি। উল্লেখযোগ্য যে, আহোম স্বৰ্গদেউ চাওলুং চুকাফা নেতৃত্বত পাটকাই পৰ্বতত ১৩ বছৰ অতিবাহিত কৰাৰ পাছতে ৰেংমাসকলৰ সৈতে গঢ়ি উঠিছিল বন্ধুত্ব। তেতিয়াৰ পৰা এক দীঘলীয়া ইতিহাস আছে আহোম আৰু ৰেংমা সকলৰ মাজত।
আহোম ৰেংমা সমন্বয় সমিতিৰ উদ্যোগত বোকাজানৰ শুকানজানত পালন কৰা হয় এই দিৱসটি। প্ৰতি বছৰৰ ফেব্ৰুৱাৰী মাহৰ ২৫ তাৰিখে পালন কৰা হয় এই মৈত্ৰী দিৱস। আহোম আৰু ৰেংমা সকলৰ সম্বন্ধৰ ভেটি দৃঢ় কৰিবলৈ গঠন মূলক আলোচনা কৰে।
কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তৰ লগতে নাগালেণ্ডৰ ৰেংমা নগা সকল উপস্থিত থাকে এই অনুষ্ঠানত। এই বিশেষ দিনটোত আহোম আৰু ৰেংমা সকলে সকলোৱে মিলি একেলগে প্ৰীতি ভোজৰ আয়োজন কৰে।