বোকাজানঃ অসম বিধান সভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ চাৰিটা দিন বাকী।
আনহাতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ কেইটামান ঘন্টা পাৰ হৈছে এনে সময়তে কাৰ্বি আংলং-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত অস্ত্ৰ-শস্ত্ৰসহ দুজন যুৱক আটক হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আৰু পঢ়কঃ ৩২ হাজাৰ গছ পুলি ৰোপন কৰি “ইণ্ডিয়া বুক অফ ৰেকৰ্ডচ”ত স্থান লাভ
বোকাজানৰ আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু বৰপথাৰ আৰক্ষীৰ চি আই ভূপেন কলিতাৰ লগতে খটখটী থানাৰ অ’চি ম’বলিক ব্ৰহ্মৰ সহযোগত খটখটী থানা অঞ্চলৰ ছানডে’ মাৰ্কেটত নাকাত তালাচী চলোৱা হয় ৷
উক্ত অভিযানত আৰক্ষীয়ে জব্দ কৰে এটা ৭.৬৫ পিষ্টল, ১ টা মেগজিন, দুই জাঁই সজীৱ গুলী।
লগতে আটক কৰিবলৈ সক্ষম হয় দুজন যুৱকক।
আৰু পঢ়কঃ জম্মু-কাশ্মীৰৰ পুলৱামাত সেনাৰে হোৱা সংঘৰ্ষত নিহত ৩ সন্ত্ৰাসবাদী