বোকাজানঃ পুৱতি নিশা বোকাজানৰ খটখটিত বৃহৎ পৰিমাণৰ হিৰ’ইনসহ আৰক্ষীয়ে আটক কৰে দুই সৰবৰাহকাৰী। মণিপুৰৰ পৰা এখন ট্ৰাকত আনিছিল হিৰ’ইনখিনি। ট্ৰাকখনৰ নম্বৰ MZ-08-3546
১১৫ টা প্লাষ্টিকৰ পেকেটত উদ্ধাৰ হোৱা হিৰ’ইনখিনিৰ ওজন এক কেজি ছশ গ্ৰাম।
আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত ট্ৰাকখনৰ চালক আমিৰ হুছেইন আৰু চালাও ৰহমান নামৰ মণিপুৰৰ দুজন সৰবৰাহকাৰীক আটক কৰে।
উদ্ধাৰ হোৱা হিৰ’ইনখিনি বোকাজানলৈ সৰবৰাহ কৰিবলৈ লৈ আহিছিল।
আৰক্ষীক ড্ৰাগছখিনি চমজাই দিয়াৰ ঠাই দেখুৱাবলৈ যাওঁতে ট্ৰাকখনৰ চালক আমিৰ হুছেইন পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে আমিৰ হুছেইনৰ ভৰিত গুলীচালনা কৰি পুনৰ কৰায়ত্ত কৰে।