বোকাজানঃ বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত ঘৰিয়ালদডুবিত কাৰ্বি আংলং আৰক্ষী আৰু ডিমাপুৰৰ অসম ৰাইফলৰ যৌথ অভিযান । আৰক্ষীৰ অভিযানত অস্ত্ৰসহ আটক চাৰি যুৱক।
ধৃত যুৱক কেইজন ৰাজু ঘটোৱাৰ, কৃষ্ণা ওৰাং, লুকাছ কাংগাড়ী আৰু ৰবাৰ্ট হৰ বুলি জানিব পৰা গৈছে।
যুৱক কেইজনৰ পৰা আৰক্ষীয়ে এটা .২২ ৰাইফলৰ সৈতে এটা মেগজিন, এটা হস্তনির্মিত গ্ৰেনেড, দুটা .২২ পিষ্টল লগতে দুটা মেগজিন, এটা চাইনীজ গ্ৰেনেড আৰু পাঁচ জাই .২২ পিষ্টলৰ সক্ৰিয় গুলি উদ্ধাৰ কৰে ।
ধৃত যুৱক কেইজন কোন সংগঠনৰ সৈতে জড়িত সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই।
লগতে পঢ়কঃকামপুৰত জাতীয় সংগঠনৰ বিৰুদ্ধে বিজেপি কৰ্মীৰ প্ৰতিবাদ