বোকাজানঃ ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। বোকাজানত সোমবাৰে পুৱাই বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। নিহত মহিলাগৰাকীৰ নাম মামণি ওৰাং।
পুৱাই মামণি ওৰাঙৰ বাৰীত কঁঠাল খাই আছিল বনৰীয়া হাতীয়ে। হাতী অহাৰ উমান পাই কুকুৰে ভোকাত মামণি ওৰাং আৰু তিনি বছৰীয়া কন্যা সন্তান বৰষা ওৰাং বাহিৰলৈ ওলাই আহে। তেতিয়াই বনৰীয়া হাতীয়ে দুয়োৰে ওপৰত আক্ৰমণ চলায়। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা মামণি ওৰাঙ আৰু কন্যা সন্তানগৰাকীক ততাতৈয়াকৈ বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মামণিক মৃত ঘোষণা কৰে। আনহাতে, তিনি বছৰীয়া বৰষা ওৰাঙক সংকটজনক অৱস্থাত ডিমাপুৰলৈ প্ৰেৰণ কৰিছে চিকিৎসকে।