নিউজ ডেস্কঃ বোকাজানত পুনৰ জব্দ কৰা হ’ল ৩ কোটি টকাৰো অধিক মূল্যৰ ড্ৰাগছ। খটখটি আৰক্ষীয়ে এই বৃহৎ পৰিমানৰ ড্ৰাগছখিনি জব্দ কৰাৰ লগতে আটক কৰে তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক। আৰক্ষীয়ে জনোৱা মতে, খটখটি বৰলেঙৰীত আৰক্ষীয়ে এই অভিযান চলাই জব্দ কৰে ড্ৰাগছখিনি।

ইফালে, কুখ্যাত ড্ৰাগছ মাফিয়াৰ বাবা হাজৰিকাৰ লগতে ড্ৰাগছৰ এই বেহা চলাই আছিল এইচ ৰাণীৰৌ নামৰ মণিপুৰৰ এগৰাকী মহিলাই। এই অভিযানত আৰক্ষীয়ে ৭৯৫ গ্ৰাম ড্ৰাগছৰ লগতে জব্দ কৰে নগদ ৩ লাখ ৫৮ হাজাৰ টকা, তিনিখন গাড়ী আৰু বহু নথি পত্ৰ।

উল্লেখ্য যে, ৬০ টা চাবোনৰ বাকচত অতি কৌশলেৰে সৰবৰাহকাৰী কেইটাই আনিছিল এই ড্ৰাগছখিনি। ড্ৰাগছ সৰবৰাহকাৰী মূল নায়িকা অল এইচ ৰাণীৰৌৰ লগতে আৰ এন সুৰেন্দৰ আৰু ফক’ মাওক আটক কৰে আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply