নিউজ ডেস্কঃ বোকাজানত পুনৰ জব্দ কৰা হৈছে বৃহৎ পৰিমানৰ ড্ৰাগছ। খটখটি আৰক্ষীয়ে বিশেষ নাকা তালাচীত জব্দ কৰে ৭১১ গ্ৰাম ড্ৰাগছ। জানিব পৰা মতে, জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৫ কোটি টকা। আৰক্ষীয়ে লগতে জব্দ কৰিছে দুটা মোবাইল ফোন আৰু নগদ ২৩ হাজাৰ টকা।
উল্লেখ্য যে, এখন মাৰুটী ভানত এই ড্ৰাগছখিনি অনা হৈছিল। আৰু আৰক্ষীয়ে ড্ৰীম স্কাই নামৰ হোটেলখনৰ সন্মুখতে নাকা তালাচী চলাই এই ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ কঢ়িয়াই অনা ভানখনৰ নম্বৰ এন এল ০১ এইচ ৩৮০৪।
অতি কৌশলেৰে ৫৫টা চাবোনৰ বাকচত ড্ৰাগছখিনি অনা তিনি ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিছে। আটক কৰা এই সৰবৰাহকাৰী কেইটা ক্ৰমে- ভিতছ’ পহেনা, চোংগোৱা দুকৰ আৰু চালওনি পহেলা। এই তিনিওটা সৰবৰাহকাৰীৰ ঘৰ নগালেণ্ডত।