বোকাজান– নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত্তত বোকাজানত পুনৰ ড্ৰাগছ জব্দ। ডিলাই থানাৰ অন্তৰ্গত পুৰণা লাহৰিজান সীমান্ত আৰক্ষী চাউনীৰ বিশেষ অভিযানত জব্দ প্রায় ১৭৯ গ্ৰাম ড্ৰাগছ। জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১০ লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে ।
আৰক্ষীয়ে ড্ৰাগছ খিনিৰ সৈতে দুটা সৰবৰাহকাৰীকো আটক কৰিছে। দুই ধৃত সৰবৰাহকাৰী ক্ৰমে গুৱাহাটীৰ মিল্টন চক্ৰৱৰ্তী আৰু ত্ৰিপুৰাৰ সুশীল দাস বুলি জানিব পৰা গৈছে। নিশা ডিমাপুৰৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়ত এখন বাহনত আৰক্ষীয়ে তালাচী চলাই উদ্ধাৰ কৰে ড্ৰাগছ খিনি।