বোকাজানঃ বোকাজানত প্ৰশাসনৰ উচ্ছেদ অভিযান। চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত প্ৰশাসনৰ এই উচ্ছেদক বাধা দিবলৈ চেষ্টা কৰাৰ পাছতেই সৃষ্টি হয় হুলস্থুলীয়া পৰৱিশেৰ। কোনো ক্ষতিপূৰণ নিদিয়াকৈয়ে কাৰ্বিআংলং স্বায়ত্ত্ব শাসিত পৰিষদে উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন কৰে উচ্ছেদিত সকলে।
শনিবাৰে পুৱাই বোকাজান প্ৰশাসনে উচ্ছেদ অভিযান চলালে যদিও উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ হিচাপে প্ৰদান কৰিবলগীয়া ধন প্ৰদান কৰা নাই। ইফালে পৰিষদৰ ৰাজহ বিষয়াই উচ্ছেদিত লোকৰ অভিযোগ খণ্ডন কৰি কয় যে ইতিমধ্যে চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বাবদ ক্ষতিপূৰণ হিচাপে আদায় দিয়া সম্পূৰ্ণ ধন আদায় কৰিছে লোকসকলে।
আনহাতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে মেপত উল্লেখ কৰিছে উচ্ছেদিত মাটিখিনি সংৰক্ষিত বনাঞ্চলৰ মাটি। যাৰ বাবে উচ্ছেদিত লোকসকলক কেৱল ঘৰৰ ধনৰাশি ১০ লাখ টকা দিয়া হৈছে। কাৰ্বিআংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ ফালৰ পৰা যদিও এই মন্তব্য কৰিছে উচ্ছেদিত পৰিয়ালে উচিত ক্ষতিপূৰণ লাভ নকৰাৰ কথা ঘোষণা কৰিছে।