বোকাজানঃ বোকাজানৰ বালিপথাৰৰ এক ভিতৰুৱা অঞ্চলত UPLAৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় সংগঠনটোৰ সংবাদমেল।
সংবাদমেলত উপস্থিত থাকে সভাপতি, সম্পাদক, মুখ্য সেনাধ্যক্ষ, বৈদেশিক সচিবকে ধৰি UPLAৰ আন শীৰ্ষ নেতাসকল।
যোৱা ৪ ছেপ্টেম্বৰত কাৰ্বি আংলঙৰ ৬টা উগ্ৰপন্থী সংগঠনে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দিল্লীত এক শান্তি চুক্তিত স্বাক্ষৰ কৰি মূল সূঁতিলৈ উভতি আহে।
২০১৩ৰ ২ ফেব্ৰুৱাৰীত কাৰ্বি আংলঙক সুকীয়া স্বায়ত্ব শাসিত ৰাজ্যৰ লগতে আন কেইবাটাও দাবীক লৈ আত্মপ্ৰকাশ হৈছিল UPLA নামৰ এই সংগঠনটোৰ।
আজি মুখ্য কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি ৮বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ অৱসান ঘটাৰ কথা উল্লেখ কৰে সংগঠনটোৱে।
লগতে পঢ়কঃবশিষ্ঠাশ্ৰম দেৱালয়ৰ সভাগৃহৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে