বোকাখাতঃ দেওবাৰে বোকাখাতৰ নুমলীগড়ত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত হয় নুমলীগড় চাহ বাগিছাৰ প্ৰদীপ বিভাৰ নামৰ লোকজন।

জানিব পৰা মতে, স্কুটী আৰোহী প্ৰদীপ বিভাৰ নামৰ লোকজন সন্ধিয়া ঘৰলৈ গৈ থকাৰ অৱস্থাতে বিধ্বস্ত পথছোৱাত বাগৰি পৰাৰ সময়তে একে দিশৰ পৰা আহি থকা UP 74T 4936 নম্বৰৰ এখন মালবাহী ট্ৰাকে মহতিয়াই থৈ যায় লোকজনক। ফলত ঘটনাস্থলীতে নিহত হয় লোকজন।

লগতে পঢ়কঃভূমি বিবাদৰ ভয়ংকৰ পৰিণতিঃচোকা অস্ত্ৰৰে মহিলাক আক্ৰমণ

ইফালে স্থানীয় ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ ক্ষতিসাধন কৰাৰ লগতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, বোকাখাত মহকুমা প্ৰশাসনৰ লগতে সংশ্লিষ্ট বিভাগৰ চৰম দায়িত্বহীনতাৰ বাবেই দীৰ্ঘদিনৰ পৰা বিধ্বস্ত অৱস্থাত থকা উক্ত পথছোৱাত বিভিন্ন সময়ত কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ অহাৰ লগতে উক্ত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি মন্তব্য কৰে স্থানীয় ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,136 other subscribers

Leave a comment

Leave a Reply Cancel reply