যোৱা ২৬ ফেব্ৰুৱাৰীত বোকাখাতত এক দুৰ্ভাগ্যজনক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা বোকাখাত নগৰৰ মিলনপুৰ নিৱাসী ৰামেশ্বৰ ৰবিদাসৰ বাসগৃহত কৃষি মন্ত্ৰী অতুল বৰা আজি উপস্থিত হৈ তেওঁৰ শোকার্ত পত্নী, পুত্ৰ তথা পৰিয়ালৰ আত্মীয়সকলৰ সৈতে বাৰ্তালাপত মিলিত হয়।

শোকসন্তপ্ত পৰিয়ালটিলৈ সামান্য আর্থিক সকাহ প্ৰদানৰ উদ্দেশ্যে গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা আগবঢ়োৱা ২ লাখ টকাৰ এখন চেক আজি পৰিয়ালটিক প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে। লগতে অঞ্চলটোৰ জনপ্ৰতিনিধি হিচাপে শোকাৰ্ত পৰিয়ালটোৰ বাবে প্ৰয়োজনীয় সম্ভৱপৰ সহায়-সহযোগিতা আগবঢ়োৱাৰো আশ্বাস প্রদান কৰে মন্ত্ৰীগৰাকীয়ে।

বোকাখাত মহকুমাৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ আৰু বোকাখাত ৰাজহ চক্ৰৰ চক্ৰ বিষয়া এই সময়ছোৱাত মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে।

উল্লেখ্য যে ৰাষ্ট্ৰপতি বোকাখাতৰ পৰা কাজিৰঙালৈ গৈ থকাৰ সময়তে ৰাষ্ট্ৰপতিৰ কনভয়ৰ খুণ্ডাত আহত হোৱা ৰামেশ্বৰ ৰবিদাসৰ চিকিৎসালয়ত মৃত্যু হৈছিল।

লগতে পঢ়ক- চন্দ্ৰপুৰৰ পানীখাইতিত মৃত নাহৰফুটুকী উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply