বোকাখাতৰ পৰা উত্তম কুমাৰ শৰ্মাঃ ফ্লপশ্ব’ত পৰিণত হ’ব নেকি ৰাজ্যৰ সমাজ কল্যান বিভাগৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা। বোকাখাতত বিগত ১৩ বছৰে ফুটা টিনপাত আৰু জৰাজীৰ্ণ বাঁহৰ বেৰৰ মাজতেই চলিছে শিশু গঢ়াৰ কমাৰশাল।

যিসময়ত ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগে কন কন শিশু সকলৰ শাৰিৰীক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে অংগনবাড়ী কেন্দ্ৰ সমুহ নিৰ্মাণ ও পৰিচালনা কৰাইছে তেনেসময়তে বোকাখাতৰ ৩নং ৰঙাগৰা অংগনৱাড়ী কেন্দ্ৰটোৰ জৰাজীৰ্ণ অৱস্থাই উদঙাইছে কণ-কণ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা বিভাগটোৰ দায়বদ্ধতাৰ স্বৰূপ।

লগতে পঢ়কঃৰাজ্যসভা নিৰ্বাচনৰ বাবে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰূপে ৰিপুন বৰাৰ মনোনয়ন পত্ৰ দাখিল

২০০৯ চনতে বোকাখাতৰ ৰঙাগড়াৰ এৰাবাৰী আৰু কঠিয়াতলীৰ অঞ্চলৰ মধ্যস্থানত প্ৰতিষ্ঠা হোৱা অংগনবাড়ী কেন্দ্ৰটোৰ ওপৰত বিগত ১৩টা বছৰে চকু নপৰিল ৰাজ্যৰ বিয়াগোম সমাজ কল্যাণ বিভাগৰ।

অৰ্ধশতাধিক কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰা কেন্দ্ৰটোত এই পৰ্যন্ত নাই এটা স্থায়ী পকী গৃহ।যাৰ বাবে বতাহ বৰষুণৰ তীব্ৰ প্ৰত্যাহ্বান নেওচি জৰাজীৰ্ণ গৃহতেই ছাত্ৰ ছাত্ৰী সকলকে গ্ৰহণ কৰিছে জীৱনৰ আদিপাঠ। লগতে কেন্দ্ৰটোত নাই কোনো চকী টেবুল অথবা ডেস্ক বেঞ্চৰ ব্যৱস্থা।নাই খোৱা পানীৰ সুব্যৱস্থাৰ লগতে শৌচালয় আৰু প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা। ইফালে ছাত্ৰ-ছাত্ৰী সকলৰ আহাৰ তৈয়াৰ কৰিবলৈ নাই কোনো ৰান্ধনীশালৰ ব্যৱস্থা। ইয়াৰ পৰিৱৰ্তে কাষৰীয়া লোকৰ চোতালত মুকলিভাৱেই আহাৰ তৈয়াৰ কৰাৰ লগতে যাৱতীয় সামগ্ৰীও মজুত কৰিব লগা হয় কাষৰীয়া লোকৰ ঘৰতেই।

উল্লেখযোগ্য যে, ৰাজ্যত আছে প্ৰায় ৬৫হাজাৰ অংগনবাড়ী কেন্দ্ৰ। শেহতীয়াকৈ ইয়াৰে ৩হাজাৰ অংগনবাড়ী কেন্দ্ৰক নৰূপত গঢ়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ।ইতিমধ্যেই আৰম্ভ হৈছে আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়া।

পিছে বিগত কেইবা বছৰে বাৰম্বাৰ আবেদন -নিবেদনৰ পাছতো চৰকাৰ ,প্ৰশাসন কিম্বা শিক্ষা বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম নোহোৱা উক্ত কেন্দ্ৰটোৰ প্ৰতি কেতিয়া দৃষ্টি পৰিব ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply