বোকাখাতঃ বোকাখাতত ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুজন যুৱক ৷
আৰক্ষী বিষয়া বিতুপন চুতীয়াৰ নেতৃত্বত চলা এক অভিযানত আটক কৰা হয় যুৱক দুজনক।
ধৃত যুৱক দুজন বোকাখাতৰ আমটেঙাৰ বিপ্লৱ বৰা আৰু সহদেব দলে।
লগতে পঢ়কঃটীয়কৰ মিনি ষ্টেডিয়ামত জৰীপ চলালে জিলা ক্ৰীড়া বিষয়াই
নগাওঁ পুৰণিগুডামৰ পৰা বোকাখাতলৈ আনিছিল ড্ৰাগছখিনি ৷
ড্ৰাগছৰ লগতে ৮ টা কণ্টেইনাৰ আৰু এটা চিৰিঞ্জ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বোকাখাত আৰক্ষীয়ে ৷