বোকাখাতৰ পৰা উত্তম কুমাৰ শৰ্মাঃ বোকাখাতৰ এগৰাকী প্ৰতিভাৱান চিত্ৰশিল্পী। যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বহু দৃষ্টিনন্দন দৃশ্যই।
অইল পেইন্টিঙৰ পৰা আৰম্ভ কৰি পেঞ্চিল স্কেচ,পৰ্টেইট তথা ৱাটাৰ কালাৰ আদি বিভিন্ন চিত্ৰ অংকণত সুনিপুণ এইজন যুৱ চিত্ৰশিল্পী। কলম্বিয়ান আৰ্ট চ’ছায়িটিৰ দ্বাৰাও প্ৰশংসিত চিত্ৰশিল্পীজন।
তেওঁৰ নাম বিশ্বব্ৰত শৰ্মা। জন্মৰ পাছৰ পৰাই “ফাইব্ৰ’ছ ডিচপ্লেচিয়া” নামৰ এক জটিল ৰোগত আক্ৰান্ত হোৱাৰ লগতে বিশেষভাৱে সক্ষম যুৱকজন। সামান্য আঘাত পালেই মূহুৰ্ততে শৰীৰৰ হাড় ভাঙি যোৱা এক বিশেষ ৰোগত আক্ৰান্ত যুৱকজনৰ ক্ষেত্ৰত ইতিমধ্যে সম্পন্ন হৈছে কেইবাটাও জটিল অস্ত্ৰোপচাৰ। অৱশ্যে মনৰ অদম্য সাহসৰ বাবেই জীৱন যুজঁত হাৰ মানিব নিবিচৰা যুৱকজনে নিজ প্ৰচেষ্টাৰে আগবাঢ়িছে এতিয়া জীৱনৰ বাটত।
লগতে পঢ়কঃগোলাঘাট জিলাত হাতী মানুহৰ সংঘাতে নিদ্ৰা হৰিছে ৰাইজৰ
অতি কম বয়সৰ পৰাই চিত্ৰশিল্পক অভিৰুচি হিচাপে গ্ৰহণ কৰি অহা বোকাখাতৰ জ্যোতিপুৰ নিৱাসী যুৱ চিত্ৰশিল্পী গৰাকীয়ে ইতিমধ্যে নিজে চিত্ৰ অংকণ কৰি ৰাইজৰ সমাদৰ লাভ কৰাৰ লগতে অঞ্চলটোৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীক প্ৰদান কৰি আহিছে চিত্ৰ অংকণৰ প্ৰশিক্ষণ।
আৰ্থিক সমস্যাৰ বাবেই এখন বিদ্যালয় স্থাপনৰ ক্ষেত্ৰত অপাৰগতা প্ৰকাশ কৰা যুৱকজনে সম্প্ৰতি ঘৰ ভাড়া কৰি স্থাপন কৰা এটা কেন্দ্ৰৰ জৰিয়তে নতুন প্ৰজন্মক চিত্ৰশিল্পৰ প্ৰতি আকৰ্ষিত কৰি আহিছে। ইতিমধ্যে অঞ্চলটোৰ কেইবাশতাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহনেৰে সুনাম কঢ়িয়াইছে অঞ্চলটোলৈ। ইফালে বহু দৰিদ্ৰ ছাত্র ছাত্ৰীকে বিনামুলীয়া ভাৱে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে যুৱকজনে।
কেনভাচৰ চিত্ৰক জীৱন্ত ৰূপ দিবলৈ চেষ্টা কৰা চিত্ৰশিল্পী গৰাকীয়ে আগন্তুক দিনত চিত্ৰশিল্পৰ ক্ষেত্ৰত ন ন পৰিকল্পনা পুহি ৰখাৰ লগতে নতুন প্ৰজন্মক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এখন বিদ্যালয় স্থাপনৰ বাবে বিভিন্ন সংস্থাৰ লগতে চৰকাৰী পক্ষৰ পৰা সহায় সহযোগিতাৰ কামনা কৰিছে।