বোকাখাতঃ শুকুৰবাৰে বোকাখাতৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ও খণ্ড মিছন সমন্বয়কৰ কাৰ্যালয় ,গোলাঘাট পশ্চিম খণ্ডৰ কাৰ্যালয়ত নতুন শিক্ষা বৰ্ষ (২০২২-২৩)ৰ বাবে অসম চৰকাৰৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে প্ৰদান কৰা বিনামূলীয়া পাঠ্যপুথি বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই চৰকাৰী বিদ্যালয়ৰ ছাত্র ছাত্ৰী সকলৰ মাজত বিনামূলীয়া পাঠ্যপুথি আনুষ্ঠানিকভাৱে বিতৰণ কৰে।
অনুষ্ঠানটোত উপস্থিত থাকি মন্ত্ৰী অতুল বৰাই প্ৰতিখন বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ সুন্দৰ ভৱিষ্যতৰ লগত জড়িত আৰু মানুহ গঢ় দিয়াৰ এক পবিত্ৰ প্ৰতিষ্ঠান বুলি মন্তব্য কৰাৰ লগতে বৰ্তমান ৰাজ্য চৰকাৰে সমাজৰ প্ৰতিটো শ্ৰেণীক আগবঢ়াই নিবলৈ বহুতো কল্যাণকামী আঁচনি গ্ৰহণ কৰা বুলিও উল্লেখ কৰে ।
ইফালে ছাত্ৰ ছাত্ৰী সকলে যাতে নিজৰ ভৰিত থিয় হৈ সমাজ তথা দেশৰ হকে কাম কৰি যাব পাৰে এই ক্ষেত্ৰত শিক্ষক,শিক্ষয়িত্ৰী সকলৰ লগতে অভিভাৱক সকলেও উচিত শিক্ষা প্ৰদানেৰে এক সৱল ভূমিকা গ্ৰহণ কৰিবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়। তদুপৰি ছাত্ৰ- ছাত্ৰী সকলৰ বাবে চৰকাৰে বিনামূলীয়াকৈ প্ৰদান কৰা পাঠ্যপুথি সমূহ নিৰ্ধাৰিত সময়ৰ পূৰ্বে ছাত্ৰ-ছাত্ৰী সকলক বিতৰণ কৰিবলৈ সংশ্লিষ্ট বিষয়া, কৰ্মচাৰী আৰু শিক্ষক-শিক্ষয়ত্ৰী সকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।
গোলাঘাট পশ্চিম খণ্ড ,বোকাখাতৰ খণ্ড সমল ব্যক্তি প্ৰদীপ শৰ্মাই আঁত ধৰা পাঠ্যপুথি বিতৰণ অনুষ্ঠানটিত সভাপতিত্ব কৰে বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱে।
ইফালে একেটা দিনতে বোকাখাতত মহকুমাধিপতি ডাঃ নেহা যাদৱ তথা মহকুমা প্ৰশাসনৰ বিষয়াসকল আৰু কৃষি, পশুপালন আৰু পশু চিকিৎসা, জনস্বাস্থ্য কাৰিকৰী তথা লোকনিৰ্মাণ বিভাগৰ জিলা পৰ্যায়ৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে মহকুমাধিপতি কাৰ্যালয়ৰ এক পৰ্যালোচনা বৈঠকতো মিলিত হয় মন্ত্ৰী অতুল বৰা।