বোকাখাতঃ অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান। ৰাষ্ট্ৰপতিৰ নিছানেৰে সন্মানিত হ’ব অসম আৰক্ষী। অহা ১০মে’ত গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰদান কৰিব ৰাষ্ট্ৰপতিৰ এই বিশেষ সন্মান। অসম আৰক্ষীৰ গৌৰৱোজ্জ্বল ইতিহাসৰ স্বীকৃতি হ’ব ৰাষ্ট্ৰপতিৰ এই বিশেষ সন্মান।
লগতে পঢ়কঃগুৱাহাটীত আহিছে দ্য গ্ৰেট খলী
উল্লেখ্য যে, ৰাষ্ট্ৰপতিৰ নিছান লাভ কৰা অসম হ’ব দেশৰ ভিতৰতে নৱমতম ৰাজ্য। উৎফুল্লিত অসম আৰক্ষীয়ে এই শুভ বাৰ্তাৰে ইতিমধ্যে ধুবুৰীৰ পৰা শদিয়ালৈ আৰম্ভ কৰিছে বাইক ৰেলী। ইয়াৰে অংশ হিচাপে শনিবাৰে বোকাখাতত উপস্থিত হয়হি IPS আনন্দ মিশ্ৰৰ নেতৃত্বত অসম আৰক্ষীৰ এক ৯জনীয়া দল। ২৫খন জিলা তথা ১৮০০ কি:মি পথ বাইক ৰেলী কৰি বোকাখাতত উপস্থিত হোৱা দলটোক উষ্ম আদৰণি জনালে বোকাখাত আৰক্ষীৰ লগতে স্থানীয় ৰাইজে।