বোকাখাতঃ শিক্ষাগুৰুৰ দৰে মহান সেৱাক কলংকিত কৰা বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ শিক্ষকক ১০ দিনৰ বাবে শ্ৰেণী কোঠাৰ পৰা বাহিৰ কৰিছে।

বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ সহকাৰী অধ্যাপক আফটাফিজুৰ ৰহমানক নিলম্বন কৰাৰ সিদ্ধান্ত লয় মহাবিদ্যালয়ৰ পৰিচালনা সমিতিয়ে।

অভিযুক্ত শিক্ষকজনে বিগত সময় চোৱাত মহাবিদ্যালয়খনৰ ছাত্ৰী সকলৰ একাংশক অশ্লীল মেছেজ দি অহাৰ অভিযোগ উত্থাপন হৈছে।
লগতে পঢ়কঃনতুন প্রজন্মই ইতিহাস নাজানিলেএকালত কাল্পনিক চৰিত্ৰ হ’ব লাচিত বৰফুকন : বিশ্বজিৎ দৈমাৰী

যোৱা ২২ নৱেম্বৰত মহাবিদ্যালয় খনৰ দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে এই ঘটনাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ পিছতে মহাবিদ্যালয়ৰ খনৰ ছাত্র-ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত বিষয়টো অঞ্চলজুৰি চৰ্চা হয়।

দ্বিতীয় দিনাও প্ৰতিবাদ অব্যাহত থকাৰ ফলত মহাবিদ্যালয় খনে আলোচনাৰ বাবে আগবাঢ়ি আহে।

আলোচনাত সমগ্র বিষয়টো ৰাজহুৱা কৰা ছাত্ৰী গৰাকীৰ অভিভাৱক, মহাবিদ্যালয়ৰ অধ্যক্ষ- উপাধ্যক্ষ , প্ৰাক্তন অধ্যক্ষ,বোকাখাতৰ জ্যেষ্ঠ নাগৰিক, ছাত্র একতা সভা, শিক্ষক গোটৰ সদস্য সকলে অংশ লয়।
এই আলোচনাৰ অন্তত শিক্ষক গৰাকীৰ ওপৰত ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত মত পোষণ কৰে। ছাত্ৰী গৰাকীৰ পৰিয়ালেও বিষয়টো সমাধা হোৱা বুলি মতপোষণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,510 other subscribers

Leave a comment

Leave a Reply