বোকাখাট: শিক্ষকতাৰ পবিত্ৰ বৃত্তিত কালিমা সানি বোকাখাতৰ চিএনবি কলেজৰ এগৰাকী সহকাৰী অধ্যাপকে নিজা কলেজৰে এগৰাকী ছাত্ৰীক অশ্লীল মেছেজ দিয়াৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।

সহকাৰী অধ্যাপক গৰাকীৰ বিৰুদ্ধে বিভিন্ন সময়ত অশ্লীল মেছেজ দিয়াৰ অভিযোগ।অধ্যাপক গৰাকী ৰ নাম হ’ল আফটাফিজুৰ ৰহমান।
মহাবিদ্যালয়ৰ ছাত্র ছাত্ৰী সকলে শ্ৰেণী বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।ছাত্র ছাত্ৰী ৰ প্ৰতিবাদৰ বিপৰীতে মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ তুলিছে।

ইয়াৰ বিপৰীতে অভিযুক্ত অধ্যাপক গৰাকীক কেনেদৰে বচাব পাৰি তাক লৈ ব্যস্ত হোৱাৰ অভিযোগ কৰিছে ছাত্ৰ ছাত্ৰী সকলে।

লগতে পঢ়ক-প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখাৰ ব্যৱস্থা হাতত লৈছে স্বেচ্ছাসেৱী সংগঠনে

মহাবিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় সান্মাষিকৰ এগৰাকী ছাত্ৰীক ইংৰাজী বিভাগৰ প্ৰবক্তাগৰাকীয়ে অশ্লীল মেছেজ দিয়াৰ উপৰি ছাত্ৰীগৰাকীক এদিনৰ বাবে ফুৰিবলৈও লগ ধৰিছে বুলি জানিবলৈ দিয়ে।

ছাত্ৰীগৰাকীয়ে এই সন্দৰ্ভত সহপাঠীক অৱগত কৰাৰ পাছতে উত্তাল হৈ পৰে মহাবিদ্যালয়ৰ চৌহদ। ইফালে, এই সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply