নিউজ ডেস্কঃ বোকাখাত হস্পিতালৰ পৰা কভিড ৰোগীৰ পলায়ন।

কভিড আক্ৰান্ত ৰোগী জনৰ নাম হৰেণ চৰেং। গুৱাহাটীৰ পৰা আহিছিল ৰোগীজন।

এই ঘটনাক লৈ এতিয়া আতংকৰ সৃষ্টি হৈছে।

আৰু পঢ়কঃ২ মে’ত ভোট গণনা বন্ধ কৰি দিয়া হ’ব পাৰে বুলি মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ হুংকাৰ

ইফালে সোমবাৰে নিশা বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ৰ পৰায়ো এগৰাকী কভিড আক্ৰান্ত ৰোগীয়ে পলায়নৰ চেষ্টা চলাইছিল।

বিশ্বনাথ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপু বড়োৰ তৎপৰতাত আধা ঘন্টাৰ ভিতৰত পুনৰ কভিড আক্ৰান্ত ৰোগী গৰাকীৰ সন্ধান উলিয়াই পুনৰ বিশ্বনাথ অসামৰিক চিকিৎসালয়ত চমজাই দিয়ে।

পলাতক ৰোগীজন বিশ্বনাথ জিলাৰ হাৱাজানৰ নপমুৱাৰ ।

জানিব পৰা মতে, পলায়ন কৰা কভিড আক্ৰান্ত ৰোগী গৰাকীয়ে চিকিৎসালয় খনৰ আন চিকিৎসাধীন কভিড ৰোগীৰ সৈতে কাজিয়া কৰি পলায়ন কৰিছিল বুলি জানিবলৈ দিছে চিকিৎসালয় কতৃপক্ষই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply