বোকাখাত, উত্তম কুমাৰ শৰ্মাঃ ডলু চাহ বাগিচা উচ্ছেদক লৈ অব্যাহত আছে ৰাজ্যজুৰি প্ৰতিবাদ। উল্লেখ্য যে, ডলু চাহ বাগিচাত নতুনকৈ নিৰ্মাণ হ’বলগীয়া গ্ৰীণ ফিল্ড বিমানবন্দৰৰ স্থাপনৰ বাবে ২৫০০ বিঘা ভূমিৰ চাহ গছ তুলি পেলোৱাৰ বাবে প্ৰশাসনে আৰম্ভ কৰিছে বৃহৎ অভিযান৷

চাহ বাগিচাৰ শ্ৰমিকৰ তীব্ৰ বিৰোধিতাৰ মাজেৰে চলি থকা এই অভিযানত ডলু চাহ বাগিচাৰ ২৫০০ বিঘা ভূমিৰ প্ৰায় ৩০ লাখৰ অধিক চাহ গছপুলি ধ্বংস কৰি বিমানবন্দৰ স্থাপনৰ সিন্ধান্ত গ্ৰহণ হোৱাৰ পাছতে শ্ৰমিক সকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল যদিও, চাহ শ্ৰমিকৰ বিৰোধিতাৰ বিপৰীতে প্ৰায় ২০০ খনৰো অধিক এক্সকেভেটৰে চাহ গছ তুলি পেলোৱাৰ কাম আৰম্ভ কৰিছিল প্ৰশাসনে। ফলত সমগ্র ৰাজ্যতে তীব্ৰতৰ হৈ পৰিছে প্ৰতিবাদৰ জোৱাৰ।

এইবাৰ ডলু চাহ বাগিচাৰ উচ্ছেদৰ তীব্র বিৰোধিতা কৰিছে অসম চাহ জনজাতি ছাত্র সন্থাই। এই লৈ সোমবাৰে বোকাখাতত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখাই। কাছাৰ জিলাৰ বৃহত্তম চাহ বাগিচা ডলু চাহ বাগিচাৰ ভূমি অধিগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে গ্ৰীন ফিল্ড বিমান বন্দৰ নিৰ্মাণৰ বাবে উচ্ছেদ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি মুখ্যমন্ত্ৰীৰ লগতে শ্ৰম মন্ত্ৰী সঞ্জয় কিষানৰ প্ৰতিমূৰ্তি দাহ কৰি সোমবাৰে বোকাখাতৰ ডিফলু চাহ বাগিচাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে চাহ জনজাতি ছাত্র সংগঠনটোৰ লগতে শতাধিক চাহ শ্ৰমিকে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শ্ৰম মন্ত্ৰী সঞ্জয় কিষানক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে শীঘ্ৰেই ডলু চাহ বাগিচাৰ উচ্ছেদ কাৰ্য্য বন্ধ কৰাৰো দাবী তুলিলে চাহ জনজাতি ছাত্র সংগঠনটোৱে। অন্যথা ৰাজ্যৰ প্ৰতিখন চাহ বাগিচাতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ লগতে চাহ বাগিচা অঞ্চলত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰো হুংকাৰ প্ৰদান কৰিলে সংগঠনটোৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply