বোকাখাতৰ প্ৰাক্তণ বিধায়ক, বিজেপিৰ প্ৰাক্তন বিধায়কসহ ৫জনলৈ ন্যায়ালয়ৰ কাৰাদণ্ড ৰায়ৰ পিছত ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱাৰ মন্তব্য বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈৰ।অবশ্যে ন্যায়ালয়ৰ পৰা উচিত বিচাৰ পোৱাৰ আশা কৰে বিধায়ক গৰাকীয়ে।
আটাইকেইজনৰ বিৰুদ্ধে ২০০৯চনৰ ১৭ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনাধিকাৰ প্ৰৱেশেৰে উদ্যানখনৰ ঘিলাধাৰী ডুবীত অবৈধ মৎস চিকাৰত জড়িত থকাৰ লগতে সেই সময়ৰ ৰেঞ্জাৰ ধৰণীধৰ বড়োক আগ্নেয়াস্ত্ৰৰে ভাবুকি দিয়াৰ অভিযোগ তুলি বোকাখাত থানাত গোচৰ ৰুজু হৈছিল ।
অৱশেষত বন্যপ্ৰাণী সুৰক্ষা আইনৰ ৫১(১) ধাৰাত মাননীয় জিলা আৰু সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতে ২ বছৰ কাৰাদণ্ডৰ লগতে ৫ হাজাৰ টকাৰ জৰিমনা বিহে আটাইকে।অৱশ্যে এটা গোচৰৰ বাহিৰে বাকীকেইটা গোচৰত আটাইকেইজনে জামিন লাভ কৰা বুলি জানিব দিছে প্ৰাক্তন বিধায়ক জীতেন গগৈয়ে। ন্যায়ালয়ে কাৰাদণ্ড বিহাৰ পাছতো পুনৰ মুকলি আকাশৰ তলত জিতেন গগৈ আৰু থাওৰাৰ প্ৰাক্তন বিধায়ক কুশল দূুৱৰী সহ আন তিনিজন।