বোকাখাতঃ বোকাখাতত স্কৰপিঅ’সহ আটক ভুৱা প্ৰৱঞ্চক৷ গ্ৰেপ্তাৰ হোৱা প্ৰৱঞ্চকটো গোলাঘাট কাবৰু গাঁৱৰ পিংকু দাস বুলি আৰক্ষীৰ সূত্ৰে জনাইছে৷ জব্দ কৰা স্কৰপিঅ’ বাহনখনৰ নম্বৰ এএছ ০১ এফ ডি ১৯৬২। স্কৰপিঅ’ গাড়ীখন আৰক্ষীৰ গাড়ীৰ দৰে সজাই লৈছিল প্ৰৱঞ্চক পিংকু দাসে৷
বিভিন্ন সময়ত আৰক্ষী বিষয়া বুলি পৰিচয় দি নানা দুষ্কাৰ্য্য সংঘটিত কৰি আহিছিল প্ৰৱঞ্চক পিংকু দাসে৷ গৰুৰ অবৈধ ব্যৱসায়ৰ সৈতেও জড়িত আছিল প্ৰৱঞ্চক পিংকু দাস৷ ইতিমধ্যে পিংকু দাসৰ বিৰুদ্ধে জখলাবন্ধা আৰু কলিয়াবৰ থানাত কেইবাটাও অপৰাধমূলক গোচৰ ৰুজু হৈ আছে৷ প্ৰৱঞ্চক পিংকু দাসৰ পৰা আৰক্ষীয়ে পাঁচটা ম’বাইল, সাতটা ৰাবাৰ ষ্টাম্প, কলম আকৃতিৰ এখন চুৰী আৰু দুখন গাড়ীৰ নম্বৰ প্লেট জব্দ কৰিছে৷
ইফালে, তেজপুৰতো দেওবাৰেও আৰক্ষীৰ জালত পৰিছিল এজন ভুৱা এছ আই। আৰক্ষীৰ পোছাক পিন্ধি নিজকে আৰক্ষী বুলি পৰিচয় দি ইনষ্টাগ্ৰামত ৰীল বনাই বহু যুৱতীক প্ৰেমৰ জালত পেলাইছে ভুৱা এছ এই পংকজ হাজৰিকাই।শনিবাৰে সন্ধিয়া তেজপুৰৰ বৰুৱা চাৰিআলিত হেলমেট নিপিন্ধা সকলৰ বিৰুদ্ধে অভিযান চলাইছিল ভুৱা এছ আই জনে। ট্ৰেফিকৰ দায়িত্বত থকা আৰক্ষীজনৰ সন্দেহ ওপজাত আৰক্ষীক খবৰ দিয়াত আটক কৰে ভুৱা আৰক্ষীজনক।