বোকাখাতঃ শিক্ষা গ্ৰহণৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ চিন্তা নিজৰ কেৰিয়াক লৈ। শিক্ষাগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পাছত কি কৰিব লাগিব বা কোন দিশত আগবাঢ়িলে নিজৰ কেৰিয়াৰ ভালদৰে গঢ়িব পাৰিব সেই বিষয়ে বহু ছাত্ৰ-ছাত্ৰী চিন্তাত পৰে।

তাৰ মাজতে বোকাখাতৰ অগ্ৰণী শিক্ষানুষ্ঠান বোকাখাত জাতীয় বিদ্যালয়ৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ অনাগত শৈক্ষিক যাত্ৰাত সহায়ক হোৱাকৈ বিদ্যালয়খনত আগবঢ়োৱা হৈছে বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিঙৰ বিশেষ ব্যৱস্থা।

বোকাখাত জাতীয় বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক শাখাৰ কেইবাগৰাকীও অভিজ্ঞ শিক্ষক ক্ৰমে ভাৰ্গৱ গগৈ, মানস বৰা, পিজুৰাজ কলিতা, পূজা ডেকা আৰু সহকৰ্মী সকলৰ দ্বাৰা পাঠদানৰ ব্যৱস্থা কৰাৰ লগতে যথেষ্ঠ সংখ্যক ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে এই কেৰিয়াৰ কাউঞ্চেলিঙত।

ইতিমধ্যে ইয়াৰ জৰিয়তে বিশেষভাৱে উপকৃত হোৱা বুলি জানিবলৈ দিছে ছাত্ৰ-ছাত্ৰী সকলে। বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, যোৱা ১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই বিনামূলীয়া অনুষ্ঠানটো অহা মে’ মাহ পৰ্যন্ত অব্যাহত থাকিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply