বোকাখাত,উত্তম কুমাৰ শৰ্মাঃ সোমবাৰে বোকাখাতত উপস্থিত হয় কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ।

বোকাখাতত উপস্থিত হৈ সাংসদ গৰাকীয়ে প্ৰথমে আনন্দপুৰ চাহ বাগিচাত ৩লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এটি বিনোদন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বোকাখাতৰ অনাথ আশ্ৰমস্থিত শিশুগৃহৰ চৌহদৰ পকীবেৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে।

উল্লেখ্য যে, বোকাখাতৰ শিশুগৃহই সাংসদ গৰাকীৰ জৰিয়তে পোনপ্ৰথমবাৰৰ বাবে চৰকাৰী উন্নয়ন মূলক আঁচনিৰ ধন ৩ লাখকৈ টকা লাভ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ উপৰিও সাংসদ গৰাকীয়ে বোকাখাত মহকুমাৰ বান অধ্যূষিত অঞ্চল গোলোং টেমেৰাত কেইবাটাও হাইলেণ্ড নিৰ্মাণ প্ৰকল্পৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে বোকাখাতৰ মানসপুৰ শিৱ মন্দিৰ চৌহদৰ পকীবেৰ নিৰ্মাণ কাৰ্যৰ শুভাৰাম্ভ কৰে।

ইফালে গুৱাহাটীৰ পৌৰসভা নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছ দল প্ৰায় অস্তিত্বহীন হৈ পৰাৰ কথা স্বীকাৰ কৰি দলটোক পুনৰ তৃৰ্ণমূল পৰ্যায়ৰ পৰা সবল কৰি তোলাৰ বাবে বৰ্তমানৰ পৰাই দৃঢ় পদক্ষেপ হাতত লোৱা বুলি জানিবলৈ দিয়ে।

লগতে পঢ়কঃতৃণমুল কংগ্ৰেছত যোগদান কৰি অসম প্ৰদেশৰ সভাপতি ৰূপে নিযুক্ত হোৱা ৰিপুন বৰাক বিমান বন্দৰত উষ্ম আদৰণি

আনহাতে জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰিপুন বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰা সন্দৰ্ভত অসমত তৃণমূল কংগ্ৰেছ দলটোক সৰ্বসাধাৰণ ৰাইজে চিনিয়েই নাপায় বুলি কটাক্ষ কৰে।

বোকাখাতৰ সমূহ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণী কাৰ্যসূচীত সাংসদ গৰাকীৰ লগত উপস্থিত থাকে বোকাখাত ব্লক কংগ্ৰেছৰ সভাপতি ধৰ্মেশ্বৰ কুৰ্মীৰ লগতে অসম কংগ্ৰেছ সেৱা দলৰ ইয়ং ৱ্ৰিগেডৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি জিতু শইকীয়া তথা গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়েৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply