বোকাখাত,উত্তম কুমাৰ শৰ্মাঃ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী সংগ্ৰামী শ্বহীদ কমলা মিৰিৰ স্মৃতি সুৰক্ষিত তথা যুগমীয়া কৰি ৰখাৰ স্বাৰ্থত শনিবাৰে স্বাধীনতা সংগ্ৰামী গৰাকীৰ ৭৯ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি শ্বহীদ গৰাকীৰ জন্মস্থান বোকাখাত মহকুমাৰ অন্তৰ্গত ৰঙামাটি মৌজাৰ গোলোং টেমেৰা গাঁৱৰ শ্বহীদ কমলা মিৰি স্মৃতি উদ্যানত উন্মোচন কৰা হয় স্বাধীনতা সংগ্ৰামী গৰাকীৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি।
শ্বহীদ গৰাকীৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি উন্মোচন কৰে মিছিং শ্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাৰিঙিয়াই। ইফালে এই প্ৰতিমূৰ্ত্তি উন্মোচনৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি শ্বহীদ কমলা মিৰি স্মৃতি উদ্যানৰ স্থায়ী তোৰণ উন্মোচন কৰে শ্বহীদ গৰাকী নাতি তথা অৱসৰপ্ৰাপ্ত সেনা জোৱান গোলাপ লইঙে।
লগতে প্ৰতিকুল বতৰকো নেওচি মৃত্যুৰ ৭৯ বছৰৰ পাছত উন্মোচিত হোৱা শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্তি উন্মোচনৰ সমাগমপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট নিবন্ধকাৰ পদ্মলোচন নাথ, ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলে, শ্বহীদ কমলা মিৰি ৭৫তম মৃত্যু দিৱস উদযাপন সমিতি কৰ্মকৰ্তা হলিৰাম লইং, সোণেশ্বৰ নৰহ, প্ৰসেন লইঙকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।
লগতে পঢ়কঃকইনাধৰাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক উষ্ম আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
উল্লেখ্য যে, ২০১৮ চনত স্বাধীনতা সংগ্ৰামী জনৰ ৭৫ তম মৃত্যু দিৱস উদযাপন উপলক্ষে শ্বহীদ কমলা মিৰি ৭৫ তম মৃত্যু দিৱস উদযাপন সমিতিয়ে এক বিশাল গণ আন্দোলনৰ অন্তত মিছিং স্বায়ত্ত শাসিত পৰিষদক শ্বহীদ কমলা মিৰিৰ সন্দৰ্ভত কেইবাটাও দাবী সন্নিবিষ্ট কৰি প্ৰদান কৰা স্মাৰক পত্ৰৰ মুখ্য দাবী আছিল শ্বহীদ গৰাকীৰ জন্ম স্থানত এটা পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি স্থাপন কৰা আৰু আৰু সেই দাবী অনুসৰিয়েই মিছিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত শ্বহীদ কমলা মিৰি স্মৃতি উদ্যান নিৰ্মাণ কৰি উলিওৱা হৈছে শ্বহীদ গৰাকীৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তিটো।
লগতে মিছিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগতে ২০ লক্ষাধিক টকা ব্যয় সাপেক্ষে শ্বহীদ কমলা মিৰি স্মৃতি উদ্যানখনৰ চৌহদৰ পকী বেৰাও নিৰ্মাণ কৰি উলিওৱা হৈছে।