নিউজ ডেস্কঃ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি বোকাখাততো মঙলবাৰে কৃষক শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে নিখিল ভাৰত কৃষক সভা, সদৌ গোলাঘাট ই-ৰিক্সা চালক সন্থা আৰু য়ুথ ফৰ বোকাখাতে বোকাখাত নগৰৰ মাজেৰে কৃষক-শ্ৰমিক নেতা প্ৰনব দলে আৰু জয়ন্ত গগৈৰ নেতৃত্বত এক প্ৰতিবাদী সমদল বাহিৰ কৰে।
উল্লেখযোগ্য যে, দেশত প্ৰচলিত ৪৪ খন শ্ৰম আইন বাতিল কৰি কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰিবলৈ ওলোৱা ৪টা শ্ৰম কোড- সামাজিক সুৰক্ষা সংহিতা, মজুৰি সংহিতা, ঔদ্যোগিক সম্পৰ্ক সংহিতা আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্মক্ষেত্ৰৰ পৰিস্থিতি সংহিতাৰ দ্বাৰা ভাৰতৰ শ্ৰমিক কৰ্মচাৰী সকলৰ সকলো ধৰণৰ বুনিয়াদী সুৰক্ষা তথা অধিকাৰ খৰ্ব কৰিবলৈ ওলোৱা নীতিৰ বিৰুদ্ধে মঙলবাৰে বোকাখাতত সৰৱ হৈ পৰে প্ৰতিবাদকাৰী সকল।
ইফালে, কোনো ধৰণৰ ৰাজহুৱা শুনানি অবিহনে কাজিৰঙাত ইক’ ছেনছিটিভ জ’ন (Eco-Sensitive Zone) বলৱৎ কৰা সিদ্ধান্ত শীঘ্ৰে বাতিল কৰাৰ লগতে কাজিৰঙাৰ সম্প্ৰসাৰণৰ নামত থলুৱাৰ উচ্ছেদ বন্ধ কৰা, শেহতীয়াকৈ বোকাখাতত ৰিলায়েন্স (Reliance), এম বাজাৰ (M Bazar) স্থাপন বন্ধ কৰা, কৃষকৰ উৎপাদনৰ উচিত মূল্য প্ৰদান কৰা, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা, প্লেন্টেচন লেবাৰ আইন বাতিল বন্ধ কৰা, ই-ৰিক্সা সমূহক টেক্স ফ্ৰী (Tax Free) ঘোষণা কৰা আদি কৰি ভালে কেইটা দাবী সন্নিবিষ্ট এখন স্মাৰক প্ৰত্ৰ বোকাখাতৰ মহকুমাধিপতিক প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে।
আনহাতে, বোকাখাতৰ জনসাধাৰণৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ বোকাখাতৰ পঞ্চায়ত এলেকাৰ গৃহ সমূহ বোকাখাত পৌৰসভাৰ অধীনলৈ অনা কাৰ্যত প্ৰতিবাদস্থলীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাক তীব্ৰ সমালোচনা কৰে কৃষক-শ্ৰমিক নেতা প্ৰণৱ দলে আৰু জয়ন্ত গগৈয়ে।